/asomiyapratidin/media/media_files/2024/12/14/GAwxB95m6GvXo2QYc2br.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাত আৰক্ষীৰ তহল থকাৰ পিচতো জিলাখনৰ গ্ৰামাঞ্চল সমূহত চোৰৰ টিঘিলঘিলনি দিনক দিনে বৃদ্ধি পাব ধৰিছে। বৃহস্পতিবাৰে নিশা বেবেজীয়াৰ সমীপৰ শেতালীত চোৰে কেইবাখনো দোকানত লুটপাট চলোৱাৰ পিচত শুক্ৰবাৰে নিশা হয়বৰগাঁও চকীৰ অন্তৰ্গত পশ্চিম শেনছোৱা বৰনামঘৰত চোৰে লুটপাট চলাই বহু আপুৰুগীয়া সম্পদ চুৰি কৰি নিয়ে।
জানিব পৰামতে চোৰে ৰূপৰ ফুলি তিনি পাত, ভোৰতাল , পিতলৰ গছাকে ধৰি কেইবাহাজাৰ টকা চুৰি কৰি নিয়াৰ লগতে নামঘৰৰ ভিতৰত থকা আলমিৰা ভাঙি লণ্ডভণ্ড কৰে। উল্লেখযোগ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা শেনছোৱা অঞ্চলৰ অন্যতম ধৰ্মীয় উপাসনাৰ নামঘৰত চোৰৰ লুটপাটে ভক্তপ্ৰাণ ৰাইজৰ মনত আঘাত হানিছে।
ইতিমধ্যে চুৰি ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পশ্চিম শেনছোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে।