জোনাইত প্ৰবীণ ফুটবল ট্ৰফীঃ তেলাম ফুটবল দল চূড়ান্ত বিজয়ী...

author-image
Asomiya Pratidin
New Update
জোনাইত প্ৰবীণ ফুটবল ট্ৰফীঃ তেলাম ফুটবল দল চূড়ান্ত বিজয়ী...

jonai

ডিজিটেল সংবাদ জোনাই: জোনাই প্ৰবীণ ফুটবল ক্লাৱৰ উদ্যোগত জোনাই গান্ধী ময়দানত অনুষ্ঠিত হোৱা প্ৰবীণ ফুটবল ট্ৰফীৰ চূড়ান্ত খেলখন সোমবাৰে বিয়লি অনুষ্ঠিত হয়। চিমেন চাপৰি ফুটবল দল আৰু তেলাম ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

Advertisment

প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিৎ গগৈ, বিজেপিৰ যুৱতী দলে, আদিত্য বৰুৱা, শিৱ দলে, প্ৰণৱ টায়ে, জোনাই মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰতিম কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস, জোনাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া নেত্ৰকমল শইকীয়া আদি উপস্থিত থাকে।

জোনাই প্ৰবীণ ফুটবল ট্ৰফীৰ চূড়ান্ত খেলত তেলাম ফুটবল দলে ৪-১ গ'লত চিমেন চাপৰি ফুটবল দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। তেলাম ফুটবল দলৰ সঞ্জু নাৰ্জাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে।

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে ক্ৰীড়া জৰিয়তে ড্ৰাগছ মুক্ত অসম নিৰ্মাণৰ লগতে গাঁও অঞ্চলৰ প্ৰতিভাক ওলাই আনিব পাৰিলে প্ৰকৃতাৰ্থত অসম বিকাশ হ'ব বুলি মন্তব্য কৰে। লগতে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে জোনাই প্ৰবীণ ফুটবল ক্লাৱক ৫০ হেজাৰ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

football jonai