/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3c25f546-4402-47e5-a378-d678b0eec2d7/teja.jpg)
tejaswita
ডিজিটেল ডেস্কঃ আৱেগত জ্বলি উঠা জুই একুৰা হঠাৎ আকৌ নুমাল। টিভিৰ কেমেৰাৰ আগত, সামাজিক মাধ্যমত বৰ বৰ কথা কোৱা একাংশৰ মুখত এটা আৰু কামত এটা ধৰণৰ আছিল সেই কথা আকৌ এবাৰ প্ৰমাণ হ'ল। আৱেগৰ ঢৌত লুতুৰি পুতুৰি হোৱা এই লোকসকলৰ মুখা বৰ বেয়াকৈ খুলি গ'ল।
সৌ সিদিনা উপযুক্ত চিকিৎসাৰ অভাৱৰ বাবেই অকালতে মৃত্যু মুখত পৰিল মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতাৰ। শংকৰ উৎসৱত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ পৰা তেজস্বিতাক মাজুলীৰ শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামী ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ অৱজ্ঞাৰ বাবেই তেজস্বিতাৰ মৃত্যু হৈছিল।
তেজস্বিতাৰ মৃত্যুৰ লগে লগে চিকিৎসালয়খনৰ বিৰুদ্ধে, চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছিল বহু গুৰুতৰ অভিযোগ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মাজুলী জিলা সমিতিয়ে প্ৰতিবাদো সাব্যস্ত কৰিলে।
ছাত্ৰ সন্থাৰ দাবী আছিল মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে তেজস্বিতাৰ মৃত্যুৰ তদন্ত। ইয়াৰ পিছতে ৰাজ্য চৰকাৰে তেজস্বিতাৰ মৃত্যুৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ এক তদন্ত কমিটী গঠন কৰি দিয়াৰ লগতে মাজুলীৰ স্বাস্থ্য ক্ষেত্ৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰিলে।
মাজুলীলৈ তৎকালীভাৱে আগবঢ়ালে ৩ খন ১০৮ এম্বুলেঞ্চ আৰু অক্সিজেন চিলিণ্ডাৰ। মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ আৰু বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰীয়ে নিজেই মাজুলীত উপস্থিত হৈ আগবঢ়ালে বহু প্ৰতিশ্ৰুতি।
স্বাস্থ্যমন্ত্ৰীৰ এনে প্ৰতিশ্ৰুতিৰ পিছতেই যেন হঠাৎ পাহৰণিৰ গৰ্ভত সোমাই পৰিল তেজস্বিতাৰ সৈতে হোৱা অৱজ্ঞাৰ কাহিনী। সঠিক চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাৱটি লোৱা তেজস্বিতা মাজুলীবাসীৰ বাবে হৈ পৰিল অতীত।
কিয়নো তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰি দিয়া তদন্ত কমিটীৰ আগত ৰাজহুৱা সাক্ষ প্ৰদান কৰিবলৈ নাহিল এজনো লোক। তদন্তকাৰী বিষয়া ড০ সঞ্জীৱ কুমাৰ ফুকনে ৰাজহুৱা সাক্ষ গ্ৰহণৰ বাবে অপেক্ষা কৰি থাকিল যদিও কোনো এজন লোক আগবাঢ়ি নাহিল তেজস্বিতাৰ সপক্ষে সাক্ষ প্ৰদান কৰিবলৈ।
যাৰ বাবে পুনৰ তদন্তকাৰী বিষয়াগৰাকীয়ে পুনৰ ৰাজহুৱা শুনানিৰ সময়সীমা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। ১০ দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া পুনৰ ১৯ অক্টোবৰলৈ শুনানিৰ সময়সীমা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।
মাজুলীবাসীক পুনৰ আহ্বান জনোৱা জমাইছে অতিৰিক্ত জিলা দণ্ডাধীশ তথা তদন্তকাৰী বিষয়া ড০ সঞ্জীৱ কুমাৰ ফুকনে। তেওঁ দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত সাক্ষ্য লিপিবদ্ধ কৰিব পাৰিব বুলি ঘোষণা কৰিছে।