৫০ টকাৰ বাবেই কিশোৰৰ ডিঙিত ব্লেডেৰ ৰেপিলে এজনে...

author-image
Asomiya Pratidin
New Update
মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক

৫০ টকাৰ বাবেই কিশোৰৰ ডিঙিত ব্লেডেৰ ৰেপিলে এজনে...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰী যেন পৰিণত হৈছে অপৰাধ নগৰীলৈ। ধাৰাবাহিক ভাৱে মহানগৰীত সংঘটিত হোৱা একাধিক বিক্ষিপ্ত ঘটনাই মানুহক চিন্তিত কৰি ৰখাৰ সময়তে এইবাৰ মাত্ৰ ৫০ টকাৰ বাবেই এটি কিশোৰক ডিঙিত ব্লেডেৰ আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে এইখন গুৱাহাটীত।

Advertisment

অপৰাধ কৰিবলৈ ভয় নকৰা, হত্যাৰ দৰে জঘণ্য ঘটনা সংঘটিত কৰিবলৈও কুণ্ঠাবোধ নকৰা এচাম অপৰাধী মানসিকতাৰ ৰম্যভূমিলৈ পৰিণত হোৱা গুৱাহাটীত এতিয়া পদে পদে বিপদত পৰিছে সাধাৰণ জনতা। কোন সময়ত কোনো, কাক আক্ৰমণৰ লক্ষ্য কৰি লয় সেয়া কোনেও নাজানে।

বামুণীমৈদামৰ কলনী বজাৰত সংঘটিত হোৱা ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে। দেওবাৰে বিয়লি কলনী বজাৰত মহানগৰীৰ উত্তৰ জ্যোতি নগৰৰ এটি কিশোৰৰ পৰা ৫০ টকা বিচাৰিছিল কুশল নগৰৰ জিতুমণি কলিতাই।

কিন্তু কিশোৰটোৱে সেই ৫০ টকা নিদিয়াৰ বাবেই জিতুমণি কলিতা নামৰ লোকজনে কিশোৰটোৰ ডিঙিত ব্লেডেৰে আক্ৰমণ কৰে। ইয়াৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত কিশোৰটিক অতি সংকটজনক অৱস্থাত জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে।

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে চানমাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰমণকাৰী জিতুমণি কলিতাক আটক কৰে। এই ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে।

ক্লিক কৰি পঢ়কঃ আকৌ পুৱাই আহিল ভূমিকম্প...

গুৱাহাটী