/asomiyapratidin/media/media_files/2025/05/26/oyBcgHxJXV71G2Li0M24.jpg)
কিশোৰীক অপহৰণৰ অভিযোগ, ৰাইজৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বৰম্বৈত সন্ধানহীন হৈছে এগৰাকী ১৪বছৰীয়া কিশোৰী। টিউচনলৈ গৈ থকা অৱস্থাত সন্ধানহীন হয় কিশোৰীগৰাকী। নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকীক কোনো লোকে অপহৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিকি দাস নামৰ এজন যুৱকৰ ওপৰত উঠিছে অভিযোগৰ আঙুলি।
ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এতিয়াও কিশোৰী গৰাকী উদ্ধাৰত ব্যৰ্থ হাজো আৰক্ষী। যাৰবাবে অঞ্চলটোৰ ৰাইজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে তীব্র প্ৰতিবাদ। আৰক্ষীক কিশোৰীগৰাকীক শীঘ্ৰেই উদ্ধাৰ কৰাৰ দাবী স্থানীয় ৰাইজৰ।