নিকৃষ্ট ! ৩ মাহে কিশোৰীক শাৰিৰীক নিৰ্যাতন ২০০ জন পুৰুষৰ

বিগত তিনি মাহে কমেও ২০০ পুৰুষে তেওঁক শাৰীৰিক নিৰ্যাতন চলাই আহিছে। ইয়াৰোপৰি কম বয়সতে যৌৱন লাভ কৰিবলৈ তেওঁক হৰম'ন বেজী দিয়া বুলিও কয় ভুক্তভোগী কিশোৰীয়ে।

New Update
web ap women

ডিজিটেল ডেস্কঃ  এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে মহাৰাষ্ট্ৰৰ পালঘৰ অঞ্চল। জানিব পৰা মতে, এগৰাকী কিশোৰীক ৩ মাহে শাৰীৰিক নিৰ্যাতন চলাই আহিছে একাংশ পুৰুষে। এজন-দুজন নহয় ২০০ জনকৈ পুৰুষৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী বাংলাদেশী কিশোৰী।

Advertisment

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, মহাৰাষ্ট্ৰৰ পালঘৰ অঞ্চলত আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই এটা বৃহৎ চক্ৰ উৎখাত কৰে। আৰক্ষীয়ে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰে এগৰাকী ১৪ বছৰীয়া বাংলাদেশী কিশোৰীক।

আৰক্ষীৰ সোধ-পোচৰ সময়ত ভুক্তভোগী কিশোৰীয়ে কয় যে, বিগত তিনি মাহে কমেও ২০০ পুৰুষে তেওঁক শাৰীৰিক নিৰ্যাতন চলাই আহিছে। ইয়াৰোপৰি কম বয়সতে যৌৱন লাভ কৰিবলৈ তেওঁক হৰম'ন বেজী দিয়া বুলিও কয় ভুক্তভোগী কিশোৰীয়ে।

এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে, উক্ত অভিযানত ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে ১৪ বছৰীয়া কিশোৰীসহ ৫ জন ভুক্তভোগীৰ ভিতৰত তিনিজন বাংলাদেশী নাগৰিক বুলিও তেওঁ জানিবলৈ দিয়ে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৩৩ আৰু ৩২ বছৰীয়া দুগৰাকী মহিলাও আছে, যিয়ে বাংলাদেশৰ পৰা নাবালক তথা কিশোৰীক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰে।

তাৰোপৰি এই নাৰী দেহ ব্যৱসায়ী চক্ৰটোৱে কিশোৰী-মহিলা সকলক মহাৰাষ্ট্ৰৰ নৱী মুম্বাই, পুনে, গুজৰাট, কৰ্ণাটক আদি বিভিন্ন স্থানলৈ সৰবৰাহ কৰাৰ কথাও আৰক্ষীয়ে উল্লেখ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে মূল অভিযুক্ত মহম্মদ খালিদ আব্দুল বাপাৰী (৩৩),এজেণ্ট জুবেৰ হাৰুণ শ্বেখ (৩৮) আৰু ছামিম গাফৰ চৰ্দাৰ (৩৯)।

নাৰী সৰবৰাহ