/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/598968f7-b790-4c65-adcf-ea29217cdc4e/makum_09.jpg)
makum
ডিজিটেল সংবাদ তিনিচুকীয়া: মোবাইল চুৰিৰ অপৰাধত মাকুমত এগৰাকী ১৭ বছৰীয়া কিশোৰক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱা বুলি অভিযোগেৰে আজি শতাধিক চাহ শ্রমিকে মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে । জানিব পৰা মতে ৮ অক্টোবৰৰ বিয়লি মাকুম বেতজান পথৰ বাসিন্দা বিজয় সাহাৰ ঘৰৰ পৰা ডিঙিত চিপজৰী লৈ থকা অৱস্থাত স্থানীয় ৰাজগড়আলি চাহ বাগিচাৰ ৯ নং লাইনৰ মৃত বিজয় প্ৰজাৰ ১৭ বছৰীয়া পুত্ৰ টেম্পু প্ৰজাৰ অৰ্ধ উলংগ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
ইফালে বিজয় সাহাৰ পত্নী দিপ্তী সাহাই জনোৱা মতে, প্ৰায় ৬ মাহৰ পূৰ্বে টেম্পু প্ৰজাই তেওঁলোকৰ এটা মোবাইল ফোন চুৰি কৰিছিল আৰু এই সন্দৰ্ভত মাকুম থানাত এজাহাৰো দাখিল কৰা হৈছিল । যোৱা ৭ অক্টোবৰত তেওঁৰ স্বামী বিজয় সাহাই টেম্পুক মাকুমৰ গুপ্তা হোটেলত কাম কৰি থকা প্ৰত্যক্ষ কৰি তাক তেওঁলোকৰ ঘৰলৈ লৈ আনিছিল ।
পিছত টেম্পুৱে তেওঁলোকৰ ঘৰত চিপজৰী লৈ আত্মহত্যা কৰা বুলি দিপ্তী সাহাই উল্লেখ কৰে । আনফালে টেম্পুৰ পৰিয়ালৰ লগতে চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, পৰজা সমাজ আদি কৰি মাকুমৰ ১৩টা সংগঠনে টেম্পুৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী তুলি বিজয় সাহাৰ পৰিয়ালে টেম্পুক হত্যা কৰি ঘটনাৰ অন্য ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলি প্ৰতিবাদমুখৰ হৈ পৰে ।
সাহাৰ পৰিয়ালে টেম্পুক কিয় আৰক্ষীক গতাই নিদিলে বুলি সংগঠনসমূহে প্ৰশ্নৰ অৱতাৰণা কৰিছে । তদুপৰি মাকুম আৰক্ষীৰ স্থিতিক লৈও সংগঠনসমূহে প্ৰশ্ন তুলিছে । আৰক্ষীয়ে দণ্ডাধীশৰ অনুপস্থিতিত তথা মৃতদেহ উদ্ধাৰৰ সময়ত ফটো কিম্বা ভিডিঅ’গ্ৰাফী নকৰাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বিষয়টোও ৰহস্যজনক আখ্যা দিছে প্ৰতিবাদী সংগঠনসমূহে ।
বিষয়টোৰ সন্দৰ্ভত টেম্পুৰ পৰিয়ালৰ লগতে সংগঠনসমূহে মাকুম থানাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষীয়ে বিজয় সাহাৰ পত্নী দিপ্তী সাহাক গ্ৰেপ্তাৰ কৰিছে যদিও পলাতক অৱস্থাত আছে বিজয় সাহা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us