/asomiyapratidin/media/media_files/2025/02/17/Z3Mu99pw3uIaoCjILp0f.jpg)
i phone. Photograph: (i phone.)
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ আইফোনৰ বৰ্দ্ধিত বজাৰখনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে যে, যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা ২০২৫ৰ জানুৱাৰী মাহলৈকে ভাৰতৰ পৰা আইফোনৰ ৰপ্তানিয়ে এক অভিলেখ সৃষ্টি কৰিছে। এই সময়চোৱাত দেশৰ পৰা প্ৰায় ১.৫৫লাখ কোটি টকাৰ আইফোন ৰপ্তানি হোৱাৰ তথ্য প্ৰকাশ পাইছে এই সমীক্ষাত।
প্ৰকাশিত তথ্য অনুসৰি, ২০২৫ৰ জানুৱাৰী মাহত ভাৰতৰ পৰা প্ৰায় ২৫হাজাৰ কোটি টকাৰ আইফোন ৰপ্তানি হৈছে। যিটো ২০২৪ৰ জানুৱাৰী মাহৰ তুলনাত প্ৰায় ১৪০শতাংশ বৃদ্ধি পাইছে। ভাৰতৰ পৰা ৰপ্তানি হোৱা প্ৰায় ২২শতাংশ আইফোন টাটা ইলেক্টনিছৰপ কণাৰ্টক ইউনিটত উতপাদিত কৰা। তামিলনাডুৰ ইউনিটৰ পৰাও প্ৰায় ১২শতাংশ ৰপ্তানি হৈছে বিদেশলৈ।