/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c7ae3362-b197-4b2b-933e-82b3a84918f1/WhatsApp_Image_2022_09_24_at_04_32_09.jpeg)
nalbari civil hospital
ডিজিটেল ডেস্কঃ নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটন। চিকিৎসালয়খনত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এজন টেকনিচিয়ানৰ।
শনিবাৰে দিনৰ ভাগত চিকিৎসালয়খনৰ ডায়েলেচিচ বিভাগৰ যন্ত্ৰপাতি থকা কক্ষত সংঘটিত হোৱা এই দুৰ্ঘটনাত চিকিৎসালয়খনৰ টেকনিচিয়ান বিজন দাসৰ মৃত্যু হয়। জানিব পৰা মতে বিজন দাস গুৱাহাটীৰ পৰা নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ গৈছিল।
চিকিৎসালয়খনৰ যান্ত্ৰিক সামগ্ৰীৰ মেৰামতিৰ বাবে গুৱাহাটীৰ পৰা যোৱা দুৰ্ভগীয়া টেকনিচিয়ানজনে যান্ত্ৰিক সামগ্ৰী মেৰামতি কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয়। এই ঘটনাৰ পিছতে চিকিৎসালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us