/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fbc234a7-d91f-4607-acaa-725d35f1959f/ind_test.jpg)
ভাৰতীয় টেষ্ট দলৰ একাংশ
ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দল ব্যস্ত বাংলাদেশ ভ্ৰমণত। চুবুৰীয়া দেশখনৰ বিপক্ষে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে বাংলাদেশ ভ্ৰমণ কৰিছে ভাৰতীয় দলে। ইতিমধ্যে ভাৰতীয় দলে এদিনীয়া শৃংখলাত বাংলাদেশৰ হাতত ২-১ৰ ব্যৱধানত পৰাস্ত হৈ শৃংখলা হেৰুৱাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8df7a46c-7ddc-489b-abeb-f389291a6838/kl.jpg)
উক্ত শৃংখলাতে আঘাতপ্ৰাপ্ত হয় ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। সেয়ে বি চি চি আইৰ শীৰ্ষ বিষয় ববীয়াই বাংলাদেশৰে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে অধিনায়কৰ দ্বায়িত্ব অৰ্পণ কৰে দলৰ অপেনিং বেটছমেন কে এল ৰাহুলৰ হাতত। আনহাতে সহ অধিনায়কৰ দ্বায়িত্ব অভিজ্ঞ বেটছমেন চেটেশ্বৰ পূজাৰাক অৰ্পণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/960b7480-e4be-4fbe-8fa3-6e1abb3de50f/pujara.jpg)
প্ৰথমখন টেষ্টৰ বাবে ঘোষিত ভাৰতীয় দলঃ
কে এল ৰাহুল( অধিনায়ক), শুভমন গীল, চেটেশ্বৰ পূজাৰা ( সহ অধিনায়ক), বিৰাট কোহলি,শ্ৰেয়াস আয়াৰ, ঋষভ পন্ট ( উইকেট কীপাৰ), কে এছ ভৰত ( উইকেট কীপাৰ) ৰবিচন্দ্ৰন অশ্বিন,অক্ষৰ পেটেল,কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, মহম্মদ চিৰাজ, উমেশ যাদৱ,অভিমান্যু ঈশ্বৰণ,নৱদীপ চাইনী,সৌৰভ কুমাৰ, জয়দেৱ উনাডকড়।
আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীৰ অভিলেখ ভংগ কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে...