/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ba741f5e-f32e-4c35-83a5-819cc119444a/d0142685_1c87_4fb6_a609_6564cc42cd19.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব জয় কৰিও দেশলৈ উভতি আহিব পৰা নাই টীম ইণ্ডিয়া। প্ৰচণ্ড ধুমুহা-বতাহৰ বাবে টীম ইণ্ডিয়াৰ সকলো সদস্য আৱদ্ধ হৈ আছে কেৰিবিয়ান দ্বীপপুঞ্জত। হাৰিকেন বেৰিৰ টীম ইণ্ডিয়া এতিয়া হোটেলতে আৱদ্ধ হৈ থাকিব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, সোমবাৰে ভাৰতীয় সময় অনুসৰি, পুৱা ১১বজাত টীম ইণ্ডিয়াৰ সকলো সদস্য নিউয়ৰ্কলৈ যাত্ৰা কৰাৰ কথা আছিল। তাৰ পৰাই তেওঁলোকে মুম্বাই সংযোগী বিমানেৰে দেশলৈ উভতি অহাৰ কথা আছিল। কিন্তু বতৰে লগ নিদিলে তেওঁলোকক। বৰ্তমান উক্ত হোটেলতে আৱদ্ধ হৈ আছে ৰোহিত শৰ্মা, কোহলী সহিতে সকলো খেলুৱৈ। স্থানীয় বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, ঘন্টাত ১৯৩কিলোমিটাৰ বেগত বলিছে বতাহ।
ইফালে বাৰ্বাডোছৰ বিমান বন্দৰতো সকলো সেৱা বন্ধ কৰি দিয়া হৈছে। টীম ইণ্ডিয়াৰ বাবে বিশেষ চাৰ্টড বিমানৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিব পৰা গৈছে। কিন্তু বতৰৰ বাবে সেই বিমান যাত্ৰা কিমান সুৰক্ষিত হব তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে। মুঠৰ ওপৰত আগন্তুক ৩৬ৰ পৰা ৪৮ঘন্টা বাৰ্বাডোছতে থাকিব লাগিব।