ডিজিটেল ডেস্ক : নিমিষতে ধ্বংস হৈ গ’ল ভাৰতীয় বেটাৰৰ দম্ভ- অহংকাৰ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটিং লাইন- আপক মাটিত মিহলি কৰি দিলে কেংগাৰু বাহনীৰ বলাৰসকলে।
অষ্ট্ৰেলিয়াৰ বাৰুদসদৃশ বলিং আক্ৰমণত দিশহাৰা হৈ পৰিল ৰোহিত- বিৰাট- কে এল ৰাহুলৰ দৰে ৰথী- মহাৰথী। তিনিওগৰাকী বেটাৰে স্পৰ্শ কৰিব নোৱাৰিলে দুটা অংকৰ ৰান।
ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ দ্বিতীয় ইনিংছত অধিনায়ক ৰোহিত শৰ্মাৰ বৰঙণি মাত্ৰ ৯ৰান। একেদৰে কে এল ৰাহুলৰ অৱদান শূন্যৰ বিপৰীতে বিৰাট কোহলিৰ অৱদান মাত্ৰ ৫ ৰান। এয়া হৈছে গুৰুত্বপূৰ্ণ এখন মেচত টপ অৰ্ডাৰ বেটাৰৰ প্ৰদৰ্শন।
উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা চতুৰ্থখন টেষ্টত শোচনীয় পৰাজয়বৰণ কৰিছে টীম ইণ্ডিয়াই। মেচৰ পঞ্চম দিনৰ তৃতীয় সত্ৰত ১৮৪ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হয় আলহী দলটো। অৱশ্যে চতুৰ্থ দিনৰ শেষলৈ কিছু আশাৰ কিৰণ দেখা পোৱা গৈছিল যদিও অন্তিমটো দিনত সেই আশাত চেঁচাপানী ঢালি কেংগাৰু বাহিনীয়ে শেষ হাঁহি মাৰে।
এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত মেচৰ প্ৰথম ইনিংছত ঘৰুৱা দল অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ৪৭৪ ৰান। এই ৰানৰ মূলতে আছিল ষ্টিভ স্মিথৰ শতক আৰু কন্টাছ, খাৱাজা আৰু লাবুচানৰ অৰ্ধশতক। অৱশ্যে শেষৰ ফালে অধিনায়ক পেট কামিন্সে ৪৯ ৰানৰ উল্লেখযোগ্য বৰঙণি যোগাইছিল।
একেদৰে আলহী দল তথা ভাৰতীয় দলে প্ৰথম ইনিংছত কৰিছিল ৩৬৯ ৰান। নিতীশ কুমাৰ ৰেড্ডীৰ শতৰানৰ লগতে জয়ছোৱাল আৰু ৱাশ্বিংটন সুন্দৰৰ অৰ্ধশতকৰ সহায়ত ভাৰতে এই স্ক’ৰ থিয় কৰাব পাৰিছিল। কিন্তু এই ইনিংছতো অপ্ৰত্যাশিতভাৱে ব্যৰ্থ হৈছিল ৰোহিত- ৰাহুল আৰু কোহলি।
ইফালে দ্বিতীয় ইনিংছত ভাৰতীয় বলিং আক্ৰমণত তিষ্ঠিত নোৱাৰি ঘৰুৱা দলটোৱে ২৩৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাইছিল। মহম্হদ ছিৰাজ আৰু বুমৰাহৰ যুটিত ত্ৰাহি মধুসূদন দেখিছিল কেংগাৰু বাহিনীৰ বেটাৰসকলে। বুমৰাহে ৫টা উইকেট লাভ কৰাৰ বিপৰীতে ছিৰাজে লাভ কৰিছিল ৩টা উইকেট।
ইয়াৰ পাছতে জয়ৰ বাবে ৩৪০ ৰানৰ লক্ষ্য আগত ৰাখি দ্বিতীয় ইনিংছ আৰম্ভ কৰিছিল টীম ইণ্ডিয়াই। সকলোৱে ভাবিছিল শেষ হাঁহি মাৰিব ভাৰতে। কিন্তু সেই আশাত চেঁচাপানী পেলাই এজন এজনকৈ বিদায় মাগিছিল ৰোহিত- বিৰাটৰ দৰে ৰথী- মহাৰথীসকলে। ব্যৰ্থ হৈছিল প্ৰথম ইনিংছত শতৰান কৰা নিতীশ কুমাৰ ৰেড্ডী।
অষ্ট্ৰেলিয়াৰ বন্দুকৰ গুলীসদৃশ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৫৫ ৰানতে সকলো উইকেট হেৰুৱাই পৰাজয়বৰণ কৰিলে টীম ইণ্ডিয়াই। গাণিতিক ভাষাত ১৮৪ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত টীম ইণ্ডিয়া। আনহাতে এই জয়ৰ সুবাদত ৫খনীয়া শৃংখলাত ২-১ত অগ্ৰগতি লাভ অষ্ট্ৰেলিয়াৰ। এক কথাত পৰাজয়ৰে টীম ইণ্ডিয়াই অন্ত পেলালে ২০২৪ বৰ্ষ।