আয়াৰৰ শতক আৰু ঈশানৰ দুৰ্দান্ত ৯৩ ৰাণৰ সহায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিজয় ভাৰতৰ...

author-image
Asomiya Pratidin
New Update
আয়াৰৰ শতক আৰু ঈশানৰ দুৰ্দান্ত ৯৩ ৰাণৰ সহায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিজয় ভাৰতৰ...

TEAM INDIA

ডিজিটেল ডেস্কঃ ভাৰতৰ মাটিত চলি থকা ভাৰত-দক্ষিণ আফ্ৰিকাৰ ৩ দিনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াই। ভাৰতীয় দলটোৰ উপ-অধিনায়ক শ্ৰেয়াস আয়াৰৰ শতক আৰু ঈশান কিষাণৰ দুৰ্দান্ত বেটিং পৰাক্ৰমত ভাৰতীয় দলটোৱে সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে।

Advertisment

ৰাঁচীত অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলটোৱে ৭ উইকেটত বিজয় সাব্যস্ত কৰিছে। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা দক্ষিণ আফ্ৰিকাই ৫০ অভাৰত ৭ উইকেট হেৰুৱাই ২৭৮ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক এডেন মাৰক্ৰামে ৮৯ টা বলত ৭৯ ৰাণ সংগ্ৰহ কৰে।

তেওঁৰ উপৰিও ৰিজা হেণ্ড্ৰিক্সে ৭৬ বলত ৭৪ ৰাণ সংগ্ৰহ কৰাৰ লগকে ডেভিড মিলাৰে ৩৫ ৰাণ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে ৩ টা উইকেট দখল কৰাৰ লগতে ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, কুলদীপ যাদৱ আৰু শাৰ্দুল ঠাকুৰে ১ টাকৈ উইকেট দখল কৰে।

দ্বিতীয় ইনিংছত নিৰ্ধাৰিত লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি ভাৰতীয় দলটোৱে ঈশান কিষা আৰু শ্ৰেয়াস আয়াৰৰ বেটিং পৰাক্ৰমত ৭ উইকেটত বিজয় সাব্যস্ত কৰে। মেচখনত আয়াৰে কেৰিয়াৰৰ দ্বিতীয়টো এদিনীয়া শতক অৰ্জন কৰে। তেওঁ ১১১ টা বলত সংগ্ৰহ কৰে ১১৩ ৰাণ। আনহাতে ঈশান কিষাণ মাত্ৰ ৭ ৰাণৰ বাবে শতকীয় ইনিংছ খেলাৰ পৰা বঞ্চিত হয়। ঈশানৰ বেটৰ পৰা ৮৪ টা বলত আহে ৯৩ ৰাণ। এই ৯৩ ৰাণৰ ইনিংছটোক ঈশানে ৭ টা ছয়ৰে সজালে।

আনহাতে দীৰ্ঘসময়ৰ মূৰত দললৈ ঘূৰি অহা সঞ্জু চেমছনৰ বেটৰ পৰা আহে ৩০ ৰাণৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ। অৱশ্যে ভাৰতীয় দলটোৰ অধিনায়ক শিখৰ ধাৱানে দ্বিতীয়খন মেচটো বৰ বিশেষ গুৰুত্বপূৰ্ণ ইনিংছ খেলিবলৈ সক্ষম নহ'ল। তেওঁ ২০ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১৩ ৰাণ সংগ্ৰহ কৰে। আনহাতে শুভমন গীলৰ বেটৰ পৰা আহিল ২৮ ৰাণ।

bcci SHREYASH IYER ISHAN KISAN INDIAN CRICKET TEAM team india