Advertisment

ৰহাত খণ্ড পৰ্যায়ত শিক্ষণ- শিকণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা

সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে তৃতীয় শ্ৰেণীলৈকে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ অৰ্হতা লাভ কৰিব লাগিব। যাৰ বাবে অতি প্ৰয়োজনীয় হৈ‌ পৰিছে শিক্ষণ- শিকণ সামগ্ৰী। 

author-image
Asomiya Pratidin
New Update
raha

raha

ডিজিটেল সংবাদ, ৰহা : সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে তৃতীয় শ্ৰেণীলৈকে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ অৰ্হতা লাভ কৰিব লাগিব। যাৰ বাবে অতি প্ৰয়োজনীয় হৈ‌ পৰিছে শিক্ষণ- শিকণ সামগ্ৰী। 

Advertisment

শিক্ষকসকলৰ মাজত শিক্ষণ- শিকণ সামগ্ৰীৰ গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰহাত খণ্ড পৰ্যায়ত অনুষ্ঠিত কৰে শিক্ষণ- শিকণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা। এই অনুষ্ঠানত ২৮ খন ক্লাষ্টাৰৰ ৫০খন বিদ্যালয়য়ে অংশগ্ৰহণ কৰে। 

ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত খণ্ড পৰ্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনী তথা প্ৰতিযোগিতাৰ উদ্বোধন কৰে কপিলী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সুৰেশ চৰকাৰে। লগতে সমন্বয়ক ৰুবুল কুমাৰ দাসে আঁত ধৰা প্ৰতিযোগিতাত বিচাৰকৰূপে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা নিলাক্ষী কাকতি আৰু প্ৰবক্তা শিখা কলিতা উপস্থিত থাকে। 

আনহাতে ৰহা কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত ২৮খন ক্লাষ্টাৰৰ ৫০ৰো অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি প্ৰতিযোগিতাত বিজয়ী বিদ্যালয়সমূহক এটা ট্ৰফী আৰু একোখন মানপত্ৰ প্ৰদান কৰা হয়। 

ইফালে অহা ২৮ডিচেম্বৰত জিলা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা শিক্ষণ- শিকণ সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা বিজয়ী বিদ্যালয়সমূহে অংশগ্ৰহণ কৰিব বুলি জনায়।

raha