ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত চিৰাং ডায়েট কাৰ্যালয় সভাকক্ষত মঙলবাৰে চিৰাং জিলাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত বুনিয়াদী স্তৰৰ সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ-শিকণ সামগ্ৰীৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
বুনিয়াদী স্তৰৰ পাঠদান সৃষ্টিশীল, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ শিক্ষা চিৰাঙৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিযোগিতাত জিলাখনৰ চিদলী আৰু বড়োবজাৰ শিক্ষা খণ্ডৰ নিৰ্বাচিত মুঠ ১২ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, জিলাখনৰ বুনিয়াদী স্তৰৰ মুঠ ৮৪০ খন বিদ্যালয়ত প্ৰস্তুত কৰা এই শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰতিযোগিতা প্ৰথমে বিদ্যালয় পৰ্যায়ত, মণ্ডল পৰ্যায়ত আৰু পিছলৈ শিক্ষাখণ্ড পৰ্যায়ত অনুষ্ঠিত কৰাৰ পাছত আজি জিলা পৰ্যায়ৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা হয় ।
আজিৰ এই প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাখনি মুকলি কৰে চিৰাং ডায়েটৰ অধ্যক্ষ ব্ৰীজ কুমাৰ বসুমতাৰীয়ে ৷ অনুষ্ঠানত চিৰাঙৰ সৰ্বশিক্ষা অভিযান মিছনৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া (টি টি এণ্ড পি) গোপীনাথ নাৰ্জাৰী, জিলা আঁচনি বিষয়া মৃদুলা দেৱী, ধীৰাজ ব্ৰহ্ম, নৱ শংকৰ দাস সহ কেবাজনো বিষয়া বিচাৰক হিচাপে উপস্থিত থাকে ।
শিক্ষণ শিকণ সামগ্ৰী প্ৰতিযোগিতাত সাংখিকতা শিতানত ৪০ নং ৰৌমাৰী বইজ প্ৰাথমিক বিদ্যালয়ে প্ৰথম, ৮২১ নম্বৰ ৰামকৃষ্ণ আশ্ৰম প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু ৮০৬ নম্বৰ মনেশ্বৰী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে ৷ আনহাতে, সাক্ষৰতা শিতানত মাদলীপাৰা প্ৰাথমিক বিদ্যালয়ে প্ৰথম, ৬৬৯ নং থুৰিবাৰী এল পি স্কুল দ্বিতীয় স্থান আৰু বৈখুনগাঁও ছাতিপুৰ এম ই স্কুলে তৃতীয় স্থান লাভ কৰি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় ৷