Advertisment

ঢকুৱাখনাত প্ৰাথমিক শিক্ষা বিভাগৰ অবিবেচকী কাণ্ডত অতিষ্ঠ শিক্ষাগুৰু…

শিক্ষা বিভাগৰ এচাম চূড়ান্ত দায়িত্বহীন বিষয়া- কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীন কাৰ্য্যকলাপৰ বাবে ঢকুৱাখনা উপ জিলাৰ শ শ শিক্ষাগুৰু তীব্ৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে...

author-image
Asomiya Pratidin
New Update
dhak

ডিজিটেল সংবাদ, ঢকুৱাখনা : শিক্ষা বিভাগৰ এচাম চূড়ান্ত দায়িত্বহীন বিষয়া- কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীন কাৰ্য্যকলাপৰ বাবে ঢকুৱাখনা উপ জিলাৰ শ শ শিক্ষাগুৰু তীব্ৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে। বতৰৰ প্ৰতিকূলতাকো উপেক্ষা কৰি নিয়মীয়া পাঠদান আৰু উপস্থিতিৰে শিক্ষকতাৰ পবিত্ৰ বৃত্তিত আত্মনিয়োগ কৰা উপ জিলাখনৰ দুই শতাধিক শিক্ষাগুৰু এইবাৰ শিক্ষা বিষয়াৰ অবিবেচকী কাৰ্য্যৰ বলি হ’ব লগা হৈছে। 

Advertisment

সংগৃহীত তথ্য মতে উপ জিলাখনৰ ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিভাগ, ঘিলামৰাৰ বৰদলনি খণ্ড শিক্ষা বিভাগ আৰু ঢকুৱাখনাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ মুঠ ২৯৬ গৰাকী শিক্ষাগুৰুৱে যোৱা ২৫ নৱেম্বৰৰ দিনা বিদ্যালয়ত অনুপস্থিতিৰ বাবে সংশ্লিষ্ট শিক্ষা বিষয়াৰ পৰা "কাৰণ দৰ্শোৱা জাননী" লাভ কৰে। উপ জিলাখনৰ এই বৃহৎ সংখ্যক শিক্ষাগুৰুৱে নিজ নিজ বিদ্যালয়ৰ "শিক্ষা সেতু এপ"ত বিধিগত ভাবে উপস্থিতিৰ স্বাক্ষৰ নিদিয়া বুলি দাবী কৰি অসম সেৱা বৃদ্ধিৰ ধাৰাত আইনগতভাৱে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ তিনিদিনৰ বৃহস্পতি বাৰৰ (২৫ নৱেম্বৰ) ভিতৰত দাখিল কৰাৰ নিৰ্দেশ দিযে। 

শিক্ষা বিষয়াসকলৰ এনে কঠোৰ নিৰ্দেশনা লাভ কৰি স্তম্ভিত হয় কষ্টসহিষ্ণু শিক্ষাগুৰুসকল । কাৰণ বিদ্যালয়ত উপস্থিতি আৰু প্ৰস্থানৰ প্ৰামানিক তথ্য শিক্ষাগুৰুসকলৰ "শিক্ষাসেতু "এপত স্পষ্টভাৱে উপলব্ধ । তৎসত্বেও শিক্ষা বিষয়াৰ নিৰ্দেশনা পাই চিন্তিত শিক্ষাগুৰুসকলে বৃহস্পতিবাৰে অন্তিম দিনা বাটকুৰিবাই গাঁঠিৰ ধন ভাঙি উপস্থিত হয় সংশ্লিষ্ট শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত । 

ggh

সংশ্লিষ্ট বিষয়াসকলক এই সন্দৰ্ভত অৱগত কৰি ভুক্তভোগী শিক্ষাগুৰুসকলে কিয় এনে অহেতুক নিৰ্দেশনা জাৰি কৰা হ’ল তাৰ প্ৰত্যুত্তৰ বিচাৰে । কিন্তু সংশ্লিষ্ট  শিক্ষা বিষয়াসকলে কাৰ্য্যালয়ত এই উপস্থিতিৰ স্বাক্ষৰ উপলব্ধ নোহোৱাৰ কথা দোহাৰি কিবা প্ৰমাণ থাকিলে কাৰ্য্যালয়ত জমা দিয়াৰ বেপৰোৱা নিৰ্দেশ দিয়ে । 

অনাহকত কঠোৰ নিৰ্দেশনাৰ বলি হোৱা শিক্ষাগুৰুসকলৰ একাংশই প্ৰামানিক তথ্য দাখিল কৰে । উপলব্ধ তথ্য মতে  গৰিষ্ঠ সংখ্যক শিক্ষকৰ উপস্থিতিৰ প্ৰমাণ নিজ নিজ ম’বাইলত আছে । বিভাগীয় এপতো  আছে । কিন্তু শিক্ষা বিভাগৰ ওচৰত উপলব্ধ নোহোৱাত উপ জিলাখনৰ ২শতাধিক শিক্ষাগুৰুলৈ চূড়ান্ত কাণ্ডজ্ঞানহীনভাৱে এই জাননী জাৰি কৰে অবিবেচকী শিক্ষা বিষয়াসকলে। 

যাৰ বাবে অনাহকত শ শ শিক্ষাগুৰুৱে তিনিটা দিন মানসিক চাপ আৰু নিৰ্যাতনৰ বলি হৈ কটাব লগা হয়। গাঁঠিৰ ধন ভাঙি দৌৰিব লগা হয় নিষ্কর্মা শিক্ষা বিষয়াৰ কাৰ্য্যালয়লৈ । তথ্য মতে ঢকুৱাখনা উপ জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক সৌৰভ বৰ ফুকন, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈ ,ঘিলামৰাৰ বৰদলনী খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিৰণ দত্তই এইসমূহ অপ্ৰয়োজনীয় জাননী প্ৰেৰণ কৰিছিল নীতিনিষ্ঠ শিক্ষাগুৰুসকললৈ। 

চৰকাৰী সেৱাৰ নামত ক্ষমতাৰ অপব্যৱহাৰ কৰি কোনো পৰীক্ষণ আৰু পৰ্যবেক্ষণ নকৰাকৈ বেপৰোৱাভাৱে জাৰি কৰা এনে অৰ্থহীন জাননীৰ পাছত আজি ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শক , সৌৰভ বৰ ফুকনক সাক্ষাৎ কৰি এনে সন্মানহানীকৰ পদক্ষেপৰ বাবে শিক্ষা বিষয়া সকলক প্ৰত্যক্ষভাৱে জগৰীয়া কৰে । 

চৰকাৰী নীতি নিৰ্দেশনা মানি নিয়মীয়া উপস্থিতিৰ সত্বেও এনে চূড়ান্ত মনোকষ্টদায়ক নিৰ্দেশনা জাৰি কৰি মানসিক নিৰ্যাতন ভুগোৱা সকলো শিক্ষা বিষয়াক ধিক্কাৰ দি কিয় পৰীক্ষামূলকভাৱে শিক্ষা বিষয়াসকলে নিজ নিজ এলেকাৰ শিক্ষানুষ্ঠানত চৰজমিন তদন্ত নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে শাসনৰ নামত এনে অপশাসন চলোৱা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই বিৰোধীতা কৰে। 

সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰে উপ জিলাখনৰ অন্তৰ্গত ভিন্ন পর্যায়ৰ শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলৰ সন্মানহানিকৰ আৰু মানসিক নিৰ্যাতনকাৰী এনে অবিবেচকী পদক্ষেপৰ সন্দৰ্ভত শীঘ্ৰে সন্মিলনীৰ এখন সভা আহ্বান কৰি বিস্তৃত আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে নেটৱৰ্কৰ বিজুতিৰ বাবে উক্ত দিনা বিভাগৰ এপত শিক্ষাগুৰুসকলৰ উপস্থিতিৰ তথ্য উপলব্ধ নোহোৱাৰ বাবে এনে হ’ল বুলি ধাৰণা কৰা হৈছে ।

dhakuakhana