/asomiyapratidin/media/media_files/2025/09/05/259-2025-09-05-23-00-46.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি শিক্ষা বিভাগৰ উদ্যোগত ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৬৪ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস পালন কৰা হয় ৷ পুৱা ১১-০০ বজাত ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰাৰ পিছতেই জাতীয় সংগীত পৰিৱেশনেৰে সভা অনুষ্ঠিত হয় ৷
সভাৰ আদৰণী ভাষণ দিয়ে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক খগেন পেগুৱে ৷ ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ গুৰুবৃন্দই সমবেত সংগীত পৰিৱেশনৰ পিছতেই সভাৰ উদ্ধোধন আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দিয়ে জিলা আয়ুক্তগৰাকীয়ে৷ বিশিষ্ট অতিথি হিচাপে বক্তব্য দিয়ে জিলা অতিৰিক্ত আয়ুক্ত শিক্ষা দায়িত্বত থকা কুলদ্বীপ হাজৰিকাই ৷
সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱন্য লাহন চুতীয়া আৰু ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক গকুল চুতীয়াই ৷ সভাত এইবাৰ চৰকাৰে বঁটা প্ৰদান কৰা বিশগৰাকী শিক্ষক ক্ৰমে দেৱজ্যোতি কছাৰী , গোলাপচন্দ্ৰ বৰা , মালাদেৱী বৰগোহাঁই , মিলন গোহাঁই , দিপটি কুমাৰ চেতিয়া , বিমল স্বৰ্গীয়াৰী, কিৰণ দলে , ৰাজীৱ কুমাৰ দলে , ৰামনাথ চাহু , গুণদা চেতিয়া , বিষ্ণু থাপা , দেৱেশ্বৰ দত্ত , কুমলদৈ কোঁৱৰ ,বৰণালী পেগু , ভৱ দলে , ৰাজেন্দ্ৰ সোনোৱাল , কবিতা পাদুন , কুসুম বৰগোহাঁই , কেশৱ দত্ত আৰু জ্ঞান চন্দ্ৰ পেগুক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ।
সভাত ৰাজ্যপালৰ বিশেষ আঁচনিৰ অধীনত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক প্ৰশস্তি পত্ৰ প্ৰদান কৰাৰ লগতে ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ দ্বাৰা আয়োজিত ৰাভা সংগীতৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ সভাত ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিনীতা চৌধুৰী গাৰোডিয়া, ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক গোবিন দত্তৰ লগতে জিলাখনৰ বহুকেইগৰাকী জ্যেষ্ঠ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰীসকল উপস্থিত থাকে ৷