চিলাপথাৰৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত শিক্ষক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলতো শুকুৰবাৰে পালন কৰা হয় ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৬৪ সংখ্যক জন্ম দিৱস উপলক্ষত শিক্ষক দিৱস।

author-image
Asomiya Pratidin
New Update
258

ডিজিটেল সংবাদ, চিলাপথাৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলতো শুকুৰবাৰে পালন কৰা হয় ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৬৪ সংখ্যক জন্ম দিৱস উপলক্ষত শিক্ষক দিৱস। কাৰ্যসূচীৰ পোনতে পাঁচ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে গুৰু বন্দনাৰে শিক্ষক- শিক্ষয়িত্ৰীৰ শৰণ চুই আশীৰ্বাদ লোৱা নান্দনিক দৃশ্য পৰিলক্ষিত হয়। 

ইয়াৰ পিছতে মহান দাৰ্শনিক, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিদ্যালয়ৰ শিক্ষক - কৰ্মচাৰীৰ লগতে আমন্ত্ৰিত অভ্যাগতসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। 

অনুষ্ঠানত অতিথিৰূপে উপস্থিত কেবাজনো বিশিষ্ট ব্যক্তিয়ে শিক্ষক দিৱসৰ তাৎপৰ্যৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। 
লগতে ছাত্ৰ- ছাত্ৰীসকলক উদেশ্যি গঠনমূলক পৰামৰ্শৰে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ মাজে মাজে প্ৰতিভাৱান ছাত্ৰীসকলে বিভিন্ন জনগোষ্ঠীয় গীত নৃত্য প্ৰদৰ্শন কৰি কাৰ্যসূচী অনন্য কৰি তোলে।

শিক্ষক দিৱস