Advertisment

ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰৰ এনে স্বেচ্ছাচাৰী নীতিৰ প্ৰতিবাদ জনাই পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন নকৰা পৰ্যন্ত পৰিষদৰ গণতান্ত্ৰিক প্ৰতিবাদ , সংগ্ৰাম অব্যাহত থাকিব বুলি কৈ ইয়াৰ সমুচিত প্ৰত্যুত্তৰ ৰাজ্য চৰকাৰে ভুগিবলৈ সাজু থকাৰ সকীয়নী দিছে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন

ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাৰ প্ৰধান চালিকা শক্তি তথা দেশৰ ভবিষ্যতৰ ধৰণী গঢ়োতা শিক্ষক কৰ্মচাৰীসকলৰ নাৰ্যতা প্ৰদানৰ বেলিকা ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে প্ৰতাৰণামূলক ভূমিকা। চৰকাৰপ্ৰদত্ত বিভাগীয় সেৱা আৰু কৰ্তব্য সূচাৰুৰূপে পালনৰ উপৰি অতিৰিক্তভাৱে জাপি দিয়া বহু কৰ্তব্যৰ বোজা যথাযথ  পালনেৰে কৰ্মসংস্কৃতিৰ নিৰ্দশন দাঙি ধৰি আহিছে  ৰাজ্যখনৰ চৰকাৰী শিক্ষক কৰ্মচাৰীসকলে । 

Advertisment

কিন্তু ৰাজ্যখনৰ লাখ লাখ কৰ্মচাৰীৰ নায্য প্ৰাপ্য প্ৰদানত ৰাজ্য চৰকাৰে কোনো সদিচ্ছা কিম্বা তৎপৰতা প্ৰদৰ্শন কৰা নাই । বৰঞ্চ সীমাহীন বঞ্চনা, প্ৰতাৰণা কৰিহে এইসকল কৰ্মচাৰীক হতাশ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে একাংশ শিক্ষক তথা কৰ্মচাৰীয়ে । 

ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন
ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন

 

প্ৰধানকৈ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলক পূৰ্বৰ পুৰণি পেঞ্চন নীতি (অ পি এছ)ৰ আওতাৰ পৰা চক্ৰান্তমূলকভাৱে  আঁতৰাই নতুন পেঞ্চন নীতি(এন পি এছ)ৰ অন্তৰ্ভুক্ত কৰি কৰ্মচাৰীসকলৰ প্ৰতি প্ৰচণ্ড অন্যায় অবিচাৰ কৰিলে শাসনাধিষ্ঠিত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে । 

ৰাজ্য চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ জনাই ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম কৰ্মচাৰী পৰিষদে বহুবাৰ শাসক পক্ষৰে আলোচনা ,গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ পাছতো দায়িত্বহীন স্থিতি গ্ৰহণ কৰি আহিছে । শাসন ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজ্যখনত প্ৰৱৰ্তন কৰিলে এন পি এছ ব্যৱস্থা । 

ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন
ঢকুৱাখনাত সহস্ৰাধিক শিক্ষক- কৰ্মচাৰীৰ ক'লা দিৱস পালন

 

এনে প্ৰেক্ষাপটত সদৌ অসম কৰ্মচাৰী পৰিষদে শনিবাৰে আহ্বান জনোৱা "ক'লা দিৱস"ৰ গণতান্ত্ৰিক প্ৰতিবাদে সৰ্বাত্মক ৰূপ লয় ঢকুৱাখনা সমজিলাত । ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ৩৯ সহস্ৰাধিক কৰ্মচাৰীয়ে শনিবাৰে কৰ্মথলীত কৰ্মসময়ত কলা বেজ পৰিধান কৰি "ক'লা দিৱস" পালন কৰে । 

ঢকুৱাখনা সমজিলা প্ৰশাসনৰ অন্তৰ্গত সকলো চৰকাৰী বিভাগ , কাৰ্য্যালয়ৰ কৰ্মচাৰী , শিক্ষকসকলে পুৱা ৯ বজাৰ পৰা ক'লা বেজ পৰিধান কৰি কৰ্তব্যত নিয়োজিত হৈ এই কৰ্মচাৰী বিৰোধী নীতি ব্যৱস্থাৰ সংঘবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে ১ ফেব্ৰুৱাৰীৰ পৰা  ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ ধাৰাবাহিক প্ৰতিবাদ আৰু অসন্তুষ্টিকো  কেৰেপ নকৰি  এই কৰ্মচাৰী বিৰোধী "এন পি এছ" নীতি প্ৰৱৰ্তন কৰিছিল । 

ৰাজ্য চৰকাৰৰ এনে দাম্ভিক আৰু কৰ্মচাৰীসকলৰ প্ৰতি চূড়ান্ত অৱজ্ঞা কৰি প্ৰৱৰ্তন কৰা এই ক্ষয়ঙ্কৰী নীতিৰ প্ৰতিবাদত ১ফেব্ৰুৱাৰী দিনটো পৰিষদে "ক'লা দিৱস" হিচাপে ৰাজ্যজুৰি পালন কৰিছে । ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰৰ এনে স্বেচ্ছাচাৰী নীতিৰ প্ৰতিবাদ জনাই পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন নকৰা পৰ্যন্ত পৰিষদৰ গণতান্ত্ৰিক প্ৰতিবাদ , সংগ্ৰাম অব্যাহত থাকিব বুলি কৈ ইয়াৰ সমুচিত প্ৰত্যুত্তৰ ৰাজ্য চৰকাৰে ভুগিবলৈ সাজু থকাৰ সকীয়নী দিছে ।

dhakuakhana