পুনৰ মুকলি কৰা হ’ল শিক্ষক বদলিকৰণ পৰ্টেল…

সোমবাৰে সমগ্ৰ শিক্ষা অসমৰ কাহিলিপাৰাস্থিত কাৰ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। 

author-image
Asomiya Pratidin
New Update
পুনৰ মুকলি কৰা হ’ল শিক্ষক বদলিকৰণ পৰ্টেল

ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষকসকলৰ সুবিধাৰ্থে পুনৰ মুকলি কৰা হৈছে শিক্ষক বদলিকৰণ প’ৰ্টেল। সোমবাৰে সমগ্ৰ শিক্ষা অসমৰ কাহিলিপাৰাস্থিত কাৰ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। 

Advertisment

এক সংবাদমেল আহ্বান কৰি এই প’ৰ্টেলটো মুকলি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। প’ৰ্টেলটো মুকলি কৰি তেওঁ জনাই যে, ১৮ মাৰ্চৰ পৰা শিক্ষকসকলে আন্তঃজিলা বদলিকৰণৰ কাৰণে আবেদন কৰিব পাৰিব। ৩০ এপ্ৰিল হৈছে শিক্ষক বদলিকৰণৰ কাৰণে আবেদন কৰা অন্তিম সময়সীমা। 

লগতে তেওঁ কয়- গ্ৰীষ্ম বন্ধত শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে। যি সকলৰ ১০ বছৰ হৈছে সেই সকলক অগ্ৰাধিকাৰ দিয়া হ’ব। একেদৰে দিব্যংগ সকলৰ ২ বছৰ হ’লেই অগ্ৰাধিকাৰ লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ডা০ পেগুই সংবাদমেলত উল্লেখ কৰে।

এই লিংকত প’ৰ্টেলটোৰ সবিশেষ আছে- https://hrmsassam.in

ranoj pegu