বৰঘাট বাইপাচৰ পৰা শিক্ষক সন্ধানহীন...

ফুলগুৰিৰ পূব শালমাৰাৰ শিক্ষক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে
teacher missing
teacher missing

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ ফুলগুৰিৰ এজন শিক্ষক সন্ধানহীন হৈছে ৷ সন্ধানহীন শিক্ষক জনৰ নাম তাপস জ্যোতি মেধি ৷ শিক্ষক গৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত পত্নী মৌচুমী শইকীয়াই ৰহা থানাত অৱগত কৰিছে ৷

পত্নী শইকীয়াই আৰক্ষীক জনোৱা মতে তাপস জ্যোতি মেধি ১৭ চেপ্তেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা সন্ধানহীন হয় ৷ মেধিৰ লগত এ এছ ০২ জে ৭১০৩ নম্বৰৰ বাহনখনো আছিল ৷

ফুলগুৰিৰ পূব শালমাৰাৰ শিক্ষক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে শিক্ষক মেধি ফুলগুৰিৰ পৰা নিজৰ চেন্ট্ৰ গাড়ীৰে বৰঘাট বাইপাচৰে আহি থকা অৱস্থাত সন্ধানহীন হয় ৷ উল্লেখ্য যে শিক্ষক মেধিৰ এটি ডেৰবছৰীয়া সন্তান আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in