পদ্মশ্ৰী কাৰ্তিক মহাৰাজৰ বিৰুদ্ধে মহিলাক যৌন শোষণ, বলপূৰ্বক গৰ্ভপাতৰ অভিযোগ

দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে আন এক যৌন কেলেংকাৰীৰ ঘটনাই। পদ্মশ্ৰী কাৰ্তিক মহাৰাজৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন শোষণৰ লগতে বলপূৰ্বক গৰ্ভপাত, প্ৰতাৰণাৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
পদ্মশ্ৰী কাৰ্তিক মহাৰাজৰ বিৰুদ্ধে মহিলাক যৌন শোষণ, বলপূৰ্বক গৰ্ভপাতৰ অভিযোগ

ডিজিটেল ডেস্কঃ দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে আন এক যৌন কেলেংকাৰীৰ ঘটনাই। পদ্মশ্ৰী বঁটা প্ৰাপক সন্ন্যাসী কাৰ্তিক মহাৰাজৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন শোষণৰ লগতে বলপূৰ্বক গৰ্ভপাত, প্ৰতাৰণাৰ অভিযোগ। এগৰাকী শিক্ষায়ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।

Advertisment

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি পদ্মশ্ৰী কাৰ্তিক মহাৰাজে এগৰাকী শিক্ষয়ত্ৰীক চাকৰি দিয়াৰ নামত প্ৰথমে সহবাস কৰি পৰবৰ্তী সময়ত বলপূৰ্বকভাৱে গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছে। এই অভিযোগ সম্বলিত বাতৰি প্ৰকাশ হোৱাৰ পিছতে সমগ্ৰ বংগত বিতৰ্কৰ সূচনা হোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশ্যে এই অভিযোগক গুৰুত্ব দিয়া নাই কাৰ্তিক মহাৰাজে। তেওঁ স্পষ্টকৈ কয়, এইবোৰ কথাত মই বিচলিত নহওঁ।

শেহতীয়াকৈ এগৰাকী মহিলাই অভিযোগ কৰা মতে ২০১৩ চনত কাৰ্তিক মহাৰাজে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে মুৰ্ছিদাবাদৰ নৱগ্ৰাম থানা এলেকাৰ চাণক্য অঞ্চলৰ এখন আশ্ৰমৰ প্ৰাথমিক বিদ্যালয়লৈ লৈ গৈছিল তেওঁক। তাতে তেওঁক শিক্ষয়িত্ৰী হিচাপে নিযুক্তিও দিছিল। তাৰোপৰি সেই স্কুলতে থকাৰো ব্যৱস্থা কৰি দিছিল। 

তেওঁ অভিযোগ কৰা মতেই তাৰ পিছৰ পৰাই তেওঁৰ জীৱন দুঃস্বপ্নময় হৈ পৰে। অভিযোগ অনুসৰি এদিন ৰাতি হঠাতে কাৰ্তিক মহাৰাজ তেওঁৰ ওচৰলৈ আহি শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ আগবঢ়ায়। মহিলাগৰাকীয়ে কয়, যিহেতু ইতিমধ্যে ঘৰ এৰি কাৰ্তিক মহাৰাজৰ আশ্ৰয় লৈছিল সেয়ে তেওঁ সেই প্ৰস্তাৱ মানি ল’বলৈ বাধ্য হৈছিল। তাৰ পিছৰ পৰা প্ৰায়ে কাৰ্তিক মহাৰাজে তেওঁক শাৰীৰিক শোষণ কৰি আহিছিল। 

২৬ জুন, ২০২৫ বৃহস্পতিবাৰে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে কাৰ্তিক মহাৰাজৰ বিৰুদ্ধে নবাগ্ৰাম থানাত লিখিত এজাহাৰ দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে সংঘটিত হোৱা অত্যাচাৰৰ বাবে ন্যায়ৰ আবেদন কৰিছে। এই সমগ্ৰ অভিযোগ সন্দৰ্ভত শুকুৰবাৰে কাৰ্তিক মহাৰাজে কয়, "মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে কি ক'ব লাগে মোৰ অধিবক্তাই ক'ব। মই বিচলিত হোৱা নাই। কোন মহিলাই কি অভিযোগ উত্থাপন কৰিছে মই নাজানো।"

 

যৌন নিৰ্যাতন পশ্চিম বংগ পদ্মশ্ৰী সন্মান