/asomiyapratidin/media/media_files/2024/12/14/LRCJSEDpPPUNeZtJGsn0.jpg)
ডিজিটেল ডেস্কঃ বিহাৰত পুনৰ সংঘটিত হৈছে এক আজৱ ঘটনা । স্কুললৈ যোৱাৰ পথত এজন শিক্ষকক অপহৰণ কৰি বলপূৰ্বকভাৱে বিয়া পাতিবলৈ বাধ্য কৰালে । অবনিশ কুমাৰ নামৰ এজন যুৱক অলপতে বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষকৰ চাকৰি লাভ কৰিছিল ।
শুকুৰবাৰে তেওঁ কৰ্মৰত বিদ্যালয়লৈ যোৱাৰ পথত দুখন স্কোৰ্পিঅ’ই তেওঁৰ ই-ৰিক্সাখনক আগভেটি ধৰে । একাংশ অচিনাকি লোকে গাড়ীৰ পৰা নামি অৱনীশৰ ফালে বন্দুক আঙুলিয়াই বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় ।
ইয়াৰ পিছতে যুৱকজনৰ মূৰত বন্দুক ৰাখি বলপূৰ্বকভাৱে এগৰাকী মহিলাৰ সৈতে বিবাহ কৰাবলৈ বাধ্য কৰাই যুৱকজনক । এই ঘটনা বিহাৰত বিগত কিছু বছৰত অতিমাত্ৰা বৃদ্ধি পাইছে । য'ত অবিবাহিত পুৰুষক মূৰত বন্দুক দেখুৱাই বিবাহ কৰিবলৈ বাধ্য কৰোৱা হয়।
আৰক্ষীৰ তথ্য অনুসৰি ২০২৪ চনত যোৱা ৩০ বছৰত সৰ্বাধিক বলপূৰ্বক বিয়া সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে।
বিহাৰৰ বেগুৰচৰাই জিলাৰ ৰজাউৰাৰ নিবাসী সুধাকৰ ৰায়ৰ পুত্ৰ অবনীশ কুমাৰক লখিমচাই জিলাৰ এগৰাকী মহিলাৰ আত্মীয়ই অপহৰণ কৰে। কুমাৰ আৰু মহিলাগৰাকীৰ মাজত চাৰি বছৰীয়া সম্পৰ্ক আছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । কিন্তু শেহতীয়াকৈ চৰকাৰী শিক্ষকৰ পদ লাভ কৰি কাটিহাৰ জিলাৰ এখন মধ্যবিদ্যালয়ত নিযুক্ত কুমাৰে এই সম্পৰ্কক বিবাহ হিচাপে আনুষ্ঠানিক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে।
বলপূৰ্বক বিবাহৰ পিছতে মহিলাগৰাকী পৰিয়ালৰ সৈতে ৰজাউৰাৰ অবনীশৰ ঘৰলৈ যায় যদিও তাত বিশৃংখলতাৰ সৃষ্টি হয়। খবৰ অনুসৰি অবনিছে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হৈছিল ঘৰলৈ যোৱাৰ সময়ত । অৱশেষত যেতিয়া মহিলাগৰাকী ঘৰত উপস্থিত হয় তেতিয়া অবনিশৰ পৰিয়ালে তেওঁক নিজৰ ঘৰৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
ইয়াৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি ন্যায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে।
অবনিছে অৱশ্যে প্ৰেমৰ সম্পৰ্কৰ সকলো অভিযোগ অস্বীকাৰ কৰে। অভিযোগ কৰে যে সেই ছোৱালীজনীৰ লগত কোনো প্ৰেমৰ সম্পৰ্ক নাই, "তাই মোক বাৰে বাৰে ফোন কৰি কৰি হাৰাশাস্তি কৰিছিল। ঘটনাৰ দিনা স্কুললৈ যোৱাৰ পথত স্কৰপিঅগাড়ীৰে মোক অপহৰণ কৰিছিল।"
অপহৰণ আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি অবনিছেও পৃথককৈ দাখিল কৰিছে এজাহাৰ ।