লজ্জাজনক! বিদ্যালয় চৌহদত সুৰাৰ ৰাগীত মাতাল শিক্ষক...

ঢকুৱাখনা সমজিলাৰঅগ্ৰণী শিক্ষানুষ্ঠান  হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত এইগৰাকী শিক্ষাগুৰুৰ এনে উন্নাসিক আৰু অবিবেচকী আচৰণৰ বাবে নামজ্বলা শিক্ষানুষ্ঠানখন বদনামী হব লগা হৈ পৰিছে।

New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: পেছাত এগৰাকী নমস্য শিক্ষক। বিজ্ঞান বিষয়ৰ স্নাতক এইগৰাকী শিক্ষাগুৰু গুণগত শিক্ষা দানৰ বাবে যিমান প্ৰখ্যাত তাতকৈ আকণ্ঠ সুৰা পান কৰি দিনে নিশাই ৰাজহুৱা স্থানত বেহুচ হৈ পৰি থাকি তাতকৈ বেছি প্ৰখ্যাত।

শিক্ষকতাৰ পবিত্ৰ বৃত্তিক পদপিষ্ট কৰি নিজৰ দায়িত্ব কৰ্তব্যক ধোঁৱা চাঙত তুলি মাতাল হৈ চৰকাৰী বেতন ভোগ কৰি অহা এইগৰাকী সহকাৰী শিক্ষক হ'ল জিতু শৰ্মা । ঢকুৱাখনা সমজিলাৰঅগ্ৰণী শিক্ষানুষ্ঠান  হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত এইগৰাকী শিক্ষাগুৰুৰ এনে উন্নাসিক আৰু অবিবেচকী আচৰণৰ বাবে নামজ্বলা শিক্ষানুষ্ঠানখন বদনামী হব লগা হৈ পৰিছে।

একালত এগৰাকী উচ্চ শিক্ষিত শিক্ষক হিচাবে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত জ্ঞানৰ গৰিমা বিলাই যোৱা এইজন শিক্ষকৰ এনে বিধ্বস্ত আৰু সুৰাসক্ত অৱস্থাই বিদ্যালয় পৰিয়ালক অতিষ্ঠ কৰাই নহয় শিক্ষাৰ্থী আৰু অভিভাৱক সকলকো সুদীর্ঘ দিন ধৰি বিতুষ্ট কৰি আহিছে । 

প্ৰায়ে মাদক দ্ৰব্য সেৱন কৰি বিদ্যালয়ত উপস্থিত হৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহা এইজন শিক্ষক জিতু শৰ্মাই মঙলবাৰে বিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ মাজতে উপস্থিত হৈ বিদ্যালয় চৌহদতে নিচাগ্ৰস্ত হৈ বাগৰি পৰে ।

বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী সকলৰ সন্মুখতে মাটিত বাগৰি সুখ নিদ্ৰা মৰা নিচা গ্ৰস্ত শিক্ষকজনৰ এনে অৱস্থা প্ৰত্যক্ষ কৰি বিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে শিক্ষক কৰ্মচাৰী সকলে উদ্ধাৰৰ চেষ্টা চলাই ব্যৰ্থ হয় আৰু ঢকুৱাখনা সদৰ থানাত অৱগত কৰে। কিন্তু সংবাদ মাধ্যম উপস্থিত হোৱাৰ বহু সময় পাছতো সোৰোপা ঢকুৱাখনা আৰক্ষী বিদ্যালয় চৌহদত উপস্থিত নহল । 

স্মৰ্তব্য যে ইতিপূৰ্বে বহুবাৰ মাদক দ্ৰব্য সেৱন কৰি বিদ্যালয়ত উপস্থিত হৈ শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰা, নিৰীহ শিক্ষাৰ্থীক প্ৰহাৰ কৰা, শিক্ষকতাৰ পবিত্ৰ বৃত্তিক কলংকিত কৰা শিক্ষক শৰ্মাৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক অৱগত কৰাৰ  পাছতো বিভাগীয় পক্ষই যথোচিত গুৰুত্ব নিদিয়াৰ অভিযোগ অতি পুৰণি ।

কৰ্তব্যত অৱহেলা কৰি শেহতীয়া ভাবে এনে লজ্জাকৰ পৰিবেশৰ পুনৰাবৃত্তি ঘটাই শিক্ষক গৰাকীয়ে মঙলবাৰে সংঘটিত কৰা অক্ষমনীয় অপৰাধৰ পাছত জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই কি অনুশাসনমূলক পদক্ষেপ গ্ৰহণ কৰাৰ সেয়া লক্ষণীয় হ'ব ।

বিদ্যালয় পৰিয়াল আৰু অভিভাৱক সমাজৰ দাবী এনে দায়িত্বহীন শিক্ষকক অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা বদলি কৰি সুস্থ শৈক্ষিক উভতাই অনাত গুৰুত্ব আৰোপ কৰক শিক্ষা বিভাগে । 

ঢকুৱাখনা