Advertisment

কৃতি শিক্ষক চন্দন কুমাৰ দাসক সম্বৰ্ধনা

দেওবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰপেটা জিলা সমিতিৰ ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত বৰপেটা জিলা শিক্ষা বিভাগৰ পৰা কৃতি শিক্ষক বঁটা লাভ কৰা শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
award

award

ডিজিটেল সংবাদ, কয়াকুছি : দেওবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰপেটা জিলা সমিতিৰ ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত বৰপেটা জিলা শিক্ষা বিভাগৰ পৰা কৃতি শিক্ষক বঁটা লাভ কৰা শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ ২০২২-২৪ বৰ্ষৰ সাংগঠনিক সম্পাদক পদত অধিষ্ঠিত হৈ থকা কালছোৱাতে চন্দন কুমাৰ দাসক বিগত ১৬ ডিচেম্বৰত শ্বিলং, মেঘালয়ত Integrated Global University, সনাতন আখৰা পৰিষদ আৰু দীন দয়াল উপাধ্যায় ফাউণ্ডেশ্যনৰ সহযোগত Global Chamber of Commerce, Industry & Agriculture এ "সেৱা ৰত্ন" বটা ২০২৪ প্ৰদান কৰিছিল। 

Advertisment

আজি বৰপেটা জিলা কৰ্মচাৰী পৰিষদে তেওঁৰ এই বঁটা শৈক্ষিক আৰু সামাজিক দুয়োটা দিশৰে আধাৰশিলা হ'ব বুলি আশা প্ৰদান কৰে। আজিৰ অনুষ্ঠানতে নবদীপ কুমাৰ গায়নকো সম্বৰ্ধনা জনোৱা হয়।

বৰপেটা আইন‌ মহাবিদ্যালয়ত অনুষ্ঠিত আজিৰ এই সভাতেই বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ নতুন সভাপতি হিচাপে বাপন দাস আৰু সম্পাদক হিচাপে উৎপল দাসক নিৰ্বাচিত কৰা হয়। পিছলৈ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাসে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা সংগ্ৰামী সত্তা বাসৱ চন্দ্ৰ কলিতাৰ জীৱন ভিত্তিক গীত আৰু কবিন চন্দ্ৰ দাসৰ আন এটি গীত উন্মোচন কৰা হয়। 

উক্ত অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক প্ৰধান পংকজ বৰ্মন আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

kayakuchi