/asomiyapratidin/media/media_files/2024/12/31/PZNSlvFCw9s7tE0LRAno.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা:শিক্ষকতাৰ পবিত্ৰ বৃত্তি আৰু সুনামত কলংক সনা এক ঘৃণনীয় কাণ্ড সংঘটিত হৈছে ঢকুৱাখনাত। দুগৰাকী কিশোৰী ছাত্ৰীক অমাৰ্জিত স্পৰ্শ কৰা এক নিন্দনীয়কাণ্ড কৰাৰ এক গুৰুতৰ অভিযোগ উথাপিত হৈছে এখন বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ।
উথাপিত অভিযোগ মতে ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গতঘাৰমৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষী চিৰিঙে(৫৫) অলপতে বিদ্যালয়ত পৰীক্ষা চলি থকা অৱস্থাত দুটা পৃথক দিনতবিদ্যালয়খনৰ দুগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী প্ৰধান শিক্ষকৰ কাৰ্যালয়লৈযাওতে অশুভ ইংগিতেৰে অমাৰ্জিত স্পৰ্শ কৰে । পৰৱৰ্তী সময়ত ভুক্তভোগীশিক্ষাৰ্থীযে আত্মীয়ক অৱগত কৰে উক্ত ঘটনা ।
এগৰাকী প্ৰধান শিক্ষকৰ এনে নিকৃষ্ট কাণ্ড সন্দৰ্ভত অঞ্চলটোৰ ৰাইজ,যুৱ সমাজ আৰু ,মহিলা সমাজ জ্ঞাত হৈ মঙলবাৰে বিদ্যালয় আৰম্ভ হোৱাৰ প্ৰাকক্ষণত শিক্ষক গৰাকীক সাক্ষাৎ কৰি এনে কাণ্ডৰ বাবে ধিক্কাৰ দি কমৰ্থনা কৰে আৰু ঘিলামৰা আৰক্ষীক অৱগত কৰে।
মঙলবাৰে ঘিলামৰাআৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকা বিদ্যালয়তউপস্থিত হৈ প্ৰধান শিক্ষক চিৰিঙক আটক কৰি থানালৈ আনে । উথাপিত অভিযোগ মতে এইগৰাকী প্ৰধান শিক্ষকে বহু সময়ত এনে নিকৃষ্ট চৰিত্ৰ প্ৰদৰ্শন কৰি আহিছে । ৰাইজৰ দাবী এনে নষ্ট চৰিত্ৰৰ শিক্ষকৰূপী সমাজৰ কলংকক আইনগতভাবেকঠোৰ শাস্তি বিহাৰ । সম্প্ৰতি ঘিলামৰা আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত প্ৰধান শিক্ষক চিৰিং ।