কবি, প্ৰবন্ধকাৰ, অভিনেত্ৰী অঞ্জলি ব্ৰহ্ম আৰু নাই...

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, কবি, প্ৰবন্ধকাৰ, অভিনেত্ৰী অঞ্জলি ব্ৰহ্ম আৰু নাই। বৃহস্পতিবাৰে দুপৰীয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮৯ বছৰ।

author-image
Asomiya Pratidin
New Update
vvvvv

ডিজিটেল সংবাদ, ধুবুৰীঃ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, কবি, প্ৰবন্ধকাৰ, অভিনেত্ৰী অঞ্জলি ব্ৰহ্ম আৰু নাই। বৃহস্পতিবাৰে দুপৰীয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮৯ বছৰ। গৌৰীপুৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা অঞ্জলি ব্ৰহ্ম বাৰ্ধক্যজনিত ৰোগত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে পুৱা ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত দুপৰীয়া তেওঁৰ মৃত্যু হয়। 

Advertisment

উল্লেখ্য যে, অঞ্জলি ব্ৰহ্ম ১৯৭১ চনত গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। পাছত ১৯৯১ চনত তেওঁ উক্ত বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে পদোন্নতি লাভ কৰি ২০০৫ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী, গৌৰীপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী, গৌৰীপুৰ শাখা সাহিত্য সভাৰ সদস্য, গৌৰীপুৰ নামঘৰ কমিটিৰ সদস্য আদি বিভিন্ন সামাজিক কাৰ্যৰে জড়িত অঞ্জলি ব্ৰহ্ম এগৰাকী সু প্ৰৱন্ধকাৰ,কবি আছিল। অঞ্জলি ব্ৰহ্মই লিখা বড়ো সংস্কৃতিৰ ৰেঙনি, বড়ো সংস্কৃতিৰ কিঞ্চিৎ আভাষ আদি প্ৰৱন্ধ লগতে সঁফুৰা, অঞ্জলি ব্ৰহ্মৰ এমুঠি কবিতা আদি উল্লেখযোগ্য।

বড়ো ভাষাৰ ডকুমেণ্টৰীৰ  লগতে বড়ো ভাষাৰ চিনেমা আলায়াৰাশত অঞ্জলি ব্ৰহ্ম অভিনেত্ৰী হিচাপে কাম কৰিছিল।  প্ৰখ্যাত শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে। পাছত গৌৰীপুৰ সাহিত্য সভা, গৌৰীপুৰ লেখিকা সমাৰোহ সমিতি, গৌৰীপুৰ নামঘৰ কমিটিৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত গৌৰীপুৰ শ্মাশান মন্দিৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত অঞ্জলি ব্ৰহ্মই এগৰাকী কন্যা, এটি পুত্ৰ সন্তান, বোৱাৰী নাতি নাতিনীয়েকৰ লগতে অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি যায়। 

বহু গুণৰ অধিকাৰী, প্ৰতিভাশালী অঞ্জলি ব্ৰহ্মৰ মৃত্যুত ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ, গৌৰীপুৰ প্ৰেছ ক্লাৱ, গৌৰীপুৰ শ্মাশান কমিটিৰ সভাপতি মৃণ্ময় অধিকাৰী, গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱা, গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ছোৰহাব আলী সেখ সম্পাদক অতুল চন্দ্ৰ ৰায়, অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষিতীশ চন্দ্ৰ ৰায়, জ্যোতিষ চন্দ্ৰ ৰায় আদিয়ে গভীৰ ভাবে শোক প্ৰকাশ কৰাৰ লগতে শোক স্তম্ভ পৰিয়াল লৈ সমবেদনা জ্ঞাপন কৰে। তদুপৰি বিশিষ্ট লেখক তথা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এক শোক বাৰ্তাত অঞ্জলী ব্ৰহ্মৰ  মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নাৰী সৱলীকৰণৰ অনন্য প্ৰতিভূ অঞ্জলি ব্ৰহ্মৰ মৃত্যুত এগৰাকী নেতৃস্থানীয় অগ্ৰণী  সুসংগঠক, সাহিত্যিক হেৰুৱালে বুলি উল্লেখ কৰে।

আনহাতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মাই এক শোক বাৰ্তাত উল্লেখ কৰে যে, সহজ-সৰল জীৱন নিৰ্বাহ, উদাৰ দৃষ্টি ভংগী অঞ্জলি ব্ৰহ্ম বাইদেউৰ জীৱনৰ ভূষণ বুলি কৈ আমাৰ জাতীয় জীৱনৰ মহিয়সী সু-সাহিত্যিক তথা সমন্বয় -সম্প্ৰীতিৰ সাধিকা অঞ্জলি ব্ৰহ্ম বাইদেউৰ বিয়োগৰ খবৰে আমাক দুখ দিছে বুলি কয়। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক গৰাকীয়ে সমাজৰ পৰা মানুহৰ বিষয়ে ভবা এগৰাকী ভাল মানুহ নোহোৱা হ'ল বুলি উল্লেখ কৰে। তেওঁ‌ অঞ্জলি ব্ৰহ্ম বাইদেউৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

গৌৰীপুৰ