চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত তিতাবৰ চুঙী চাহ বাগিচাত প্ৰতিবাদ

চাহ বাগিচাৰ শ্ৰমিকসকলে তেওঁ লোকৰ দৈনিক মজুৰি ৩২১ টকা ন্যায প্ৰাপ্তিৰ দাবীত আজি তিতাবৰৰ তিতাবৰ চুঙী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
titabor 9

ডিজিটেল সংবাদ বেকাজান: চাহ বাগিচাৰ শ্ৰমিকসকলে তেওঁ লোকৰ দৈনিক মজুৰি ৩২১ টকা ন্যায প্ৰাপ্তিৰ দাবীত আজি তিতাবৰৰ তিতাবৰ চুঙী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি দুপৰীয়া বাগিচাখনৰ শ শ শ্ৰমিককে বাগিচাৰ পাত তোলা কাম এৰি নিজৰ প্ৰাপ্ত দাবীত হাতে প্লেকাৰ্ড বেনাৰ লৈ  আমি বাগিচাৰ শ্ৰমিকে ৩৫১ টকা পাব লাগিব, ভূমিপট্টা পাব লগিব, ভূমিৰ অধিকাৰ, খিলঞ্জীয়াৰ সন্মান আৰু চাহ শ্ৰমিকক জনজাতিকৰণ কৰক আদি শ্লোগানেৰে উত্তাল পৰিবেশ সৃষ্টি কৰে।  

Advertisment

উল্লেখযোগ্য যে শ্ৰমিকসকলে প্ৰাপ্য মজুৰি বৃদ্ধিৰ লগতে চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ দাবীত বাগিচাখনৰ প্ৰায় দুই শতাধিক চাহ শ্ৰমিকে  দুই ঘণ্টা ধৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰক ৩৫১ টকা মজুৰি, ভূমিট্টা  ভূমিৰ অধিকাৰ, খিলঞ্জীয়াৰ সন্মান আৰু জনজাতিকৰণৰ দাবী  উত্থাপন কৰে।

শ্ৰমিকসকলে কয়, চৰকাৰৰ চকু কেৱল চাহ বাগিচাৰ মাটিখিনিহে। চৰকাৰৰ হৃদয়ত নাই চাহ শ্ৰমিক ৰাইজ। বিকাশৰ নামত বিনাশ কৰিছে এইখন চৰকাৰে । চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্য চৰকাৰে পূৰণ কৰিব নোৱাৰিলে ২০২৬ ৰ বিধান সভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকীয়নি প্ৰদান কৰে।

উল্লেখযোগ্য যে অসম চাহ মজদূৰ তিতাবৰ  চুঙী চাহ বাগিচাৰ প্ৰাথমিক সংঘৰ উদ্যোগত চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত চাহ শ্ৰমিকসকলে  আজি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

তিতাবৰ চাহ শ্ৰমিক