ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউৰ দ'লবাগানত ঐতিহাসিক ধোদৰ আলি অৱৰোধ । চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিক, কৰ্মচাৰীৰ দ্বাৰা প্ৰায় দুঘন্টা অৱৰোধ কৰা হয় ঐতিহাসিক ধোদৰ আলি । অসমৰ মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে আবেদন-নিবেদন কৰিও সুব্যৱস্থা লাভ নকৰাত দুবছৰে বন্ধ হৈ থকা বাগিচা খোলাৰ ব্যৱস্থা কৰিবলৈ ২১ ডিচেম্বৰত সংবাদমেল সম্বোধন কৰিছিল ।
সংবাদমেলত ২৬ ডিচেম্বৰলৈ সময় সীমা বান্ধি দিছিল যদিও প্ৰশাসন তথা সংশ্লিষ্ট কোনোৱে গুৰুত্ব নিদিয়াত বাগিচাৰ সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰী ওলাই আহি বাগিচাৰ পৰা ৩ কিঃমি সমদল কৰি দ'লবাগানত ধোদৰ আলি অৱৰোধ কৰে ।
চৰাইদেউ জিলাৰ আৰক্ষীয়ে পথ মুকলি কৰাৰ চেষ্টা কৰাত শ্ৰমিক সকল পথৰ মাজত বহি শুই দিয়াত বিফল হয় । অৱশেষত চৰাইদেউৰ দণ্ডাধীশৰ অনুৰোধত পথ মুকলি কৰা হয় । লগতে লক্ষী মন্দিৰ খেল পথাৰত এক আলোচনাত মিলিত হয় । যেতিয়ালৈকে বাগিচা মুকলিৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে শ্ৰমিকসকলে আন্দোলন চলাই যাব বুলি উল্লেখ কৰে ।