কাছাৰত ৰেচন কাৰ্ড বিচাৰি প্ৰতিবাদ চাহ শ্ৰমিকৰ

৯ সপ্তাহ ধৰি ৰেচনৰ পৰা বঞ্চিত খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গৃহ সমষ্টিৰ চাহ বাগিচাৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক। অকল ৰেচনেই নহয়,  কেইবা বছৰ ধৰি ভৱিষ্য নিধি, মৰগীয়া বানচ, এৰিয়াৰ ফাণ্ড , চিকিৎসা সেৱাৰ পৰাও বঞ্চিত বহু অঞ্চলৰ শ্ৰমিক ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: ৯ সপ্তাহ ধৰি ৰেচনৰ পৰা বঞ্চিত খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গৃহ সমষ্টিৰ চাহ বাগিচাৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক। অকল ৰেচনেই নহয়,  কেইবা বছৰ ধৰি ভৱিষ্য নিধি, মৰগীয়া বানচ, এৰিয়াৰ ফাণ্ড , চিকিৎসা সেৱাৰ পৰাও বঞ্চিত বহু অঞ্চলৰ শ্ৰমিক ।

Advertisment

অৱশেষত নিজৰ অধিকাৰ বিচাৰি শুকুৰবাৰে কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে।‌

বৰাক চাহ ইউনিয়নৰ সম্পাদক তথা বিজেপি নেতা ৰাজদীপ গোৱালাৰ নেতৃত্বত হাতত প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে। শ্ৰমিক সকলে বিক্ষোভ প্ৰদৰ্শনৰ সময়ত জিলা আয়ুক্তৰ কাৰ্যলয়ত এখন সভাত ব্যস্ত আছিল মন্ত্ৰী কৌশিক ৰায়। 

এনে সময়তে ৰাজদীপ গোৱালাৰ নেতৃত্বত শ্ৰমিক সকলে নিজৰ অধিকাৰ বিচাৰি  শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ লগতে জিলা আয়ুক্তৰ হাতত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদ চাহ শ্ৰমিক