/asomiyapratidin/media/media_files/2025/07/20/reeee-2025-07-20-12-17-49.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি ২.৮৫% বৃদ্ধি পাইছে। দেশৰ পৰা চাহ ৰপ্তানি ২৫০.৭৩ মিলিয়ন কিলোগ্ৰামৰ পৰা ২৫৭.৮৮ মিলিয়ন কিলোগ্ৰামলৈ বৃদ্ধি পাইছে।
শেহতীয়া চাহ ব’ৰ্ডৰ তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ ১৬১.২০ মিলিয়ন কিলোগ্ৰাম স্পৰ্শ কৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৪৯.০৫ মিলিয়ন কিলোগ্ৰামৰ তুলনাত ৮.১৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰে। একেদৰে দক্ষিণ ভাৰতৰ পৰা ৰপ্তানি ৪.৯২% হ্ৰাস পাই ২০২৪-২৫ চনত ৯৬.৬৮ মিলিয়ন কিলোগ্ৰাম হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ১০১.৬৮ মিলিয়ন কিলোগ্ৰাম আছিল।
প্ৰতি কিলোগ্ৰামৰ মূল্যত চাহ ৰপ্তানিৰ মূল্য ২৯০.৯৭ লৈ বৃদ্ধি পাইছে, যিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৫৮.৩০ তকৈ ১২.৬৫% বৃদ্ধিৰ প্ৰতিফলন ঘটায়। ২০২৪ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে কেলেণ্ডাৰ বৰ্ষত চাহ ৰপ্তানিৰ পৰিমাণ ২৫৬.১৭ মিলিয়ন কিলোগ্ৰাম স্পৰ্শ কৰিছিল, যিটো পূৰ্বৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ ২০২৩ চনৰ তুলনাত ১০.৫৭% বৃদ্ধি পাইছে।
২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত উত্তৰ ভাৰতৰ পৰা ৰপ্তানি ১৫.৪৯ মিলিয়ন কিলোগ্ৰাম হোৱাৰ বিপৰীতে দক্ষিণ ভাৰতৰ পৰা ১০০.৬৮ মিলিয়ন কিলোগ্ৰাম, ক্ৰমে ১০.২৮% আৰু ১১.০২% বৃদ্ধি পঞ্জীয়ন কৰা বুলি ব’ৰ্ডৰ তথ্যত আৰু কোৱা হৈছে।