চাহ শ্ৰমিকৰ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদমুখৰ হৈ পৰিল ৰঙাপৰা...

হাজিৰা কৰ্তন কৰা নচলিব, চাহ শ্ৰমিকৰ ওপৰত শোষণ চলোৱা বন্ধ কৰক, শ্ৰম মন্ত্ৰী হায় হায় আদি বিভিন্ন শ্লগানেৰে সোনাবিল চাহ বাগিচাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শোণিতপুৰঃ  চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচাৰ পৰা অহা পুৰুষ-মহিলাসকলে হাতে হাতে দলীয় ৰঙা পতাকা আৰু ফেষ্টুন-বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকালৈ বৃদ্ধি কৰক, প্ৰতিদিনে শ্ৰমিকৰ হাজিৰাৰ পৰা ধন কৰ্তন বন্ধ কৰক, কামৰ নিৰিখ বৃদ্ধি কৰাৰ বন্ধ কৰক, হাজিৰা কৰ্তন কৰা নচলিব, চাহ শ্ৰমিকৰ ওপৰত শোষণ চলোৱা বন্ধ কৰক, শ্ৰম মন্ত্ৰী হায় হায় আদি বিভিন্ন শ্লগানেৰে সোনাবিল চাহ বাগিচাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীয়ে।

 চাহ শ্ৰমিক ৰাইজৰ সমস্যাৰ দাবী সমূহ পূৰণ নকৰিলে পুণৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে।

চাহ শ্ৰমিক