Advertisment

টিবি ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ভাৰতত ! কেনেকৈ সম্ভৱ ইয়াৰ প্ৰতিৰোধ ?

ভাৰতে টিবি প্ৰতিৰোধ, নিদান আৰু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ যোৱা কেইবছৰমানৰ পৰা কেইবাটাও উদ্ভাৱনী পদ্ধতিৰ পথ প্ৰদৰ্শন কৰিছে । ঔষধ-প্ৰতিৰোধী ভিন্নতা থকা ৰোগীৰ চিকিৎসা সম্পূৰ্ণ কৰাৰ প্ৰত্যাহ্বানসমূহ বিবেচনা কৰি চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেশৰ পৰা টিবি নিৰ্মূলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । তেওঁৰ নেতৃত্বত টিবিৰ ৰোগক প্ৰতিহত কৰাৰ বাবে এক নতুন আৰ্হি গ্ৰহণ কৰা হয় । ভাৰতে টিবি প্ৰতিৰোধ, নিদান আৰু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ যোৱা কেইবছৰমানৰ পৰা কেইবাটাও উদ্ভাৱনী পদ্ধতিৰ পথ প্ৰদৰ্শন কৰিছে ।

Advertisment

বিশ্ব স্বাস্থ্য সংস্থাৰ টিবি ৰিপৰ্ট ২০২৪ তথ্যই ভাৰতবৰ্ষৰ টিবিৰ ফলপ্ৰসূতাক স্বীকাৰ কৰিছে। এই তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে ভাৰতত টিবিৰ প্ৰাদুৰ্ভাৱ ১৭.৭ শতাংশ হ্ৰাস পাইছে ।  যিটো বিশ্বজুৰি পৰ্যবেক্ষণ কৰা হ্ৰাসৰ হাৰৰ দুগুণ। কেৱল সেয়াই নহয়,  দেশত ২৫.১ লাখ ৰোগী ধৰা পৰিছে আৰু ২০১৫ চনত ৫৯ শতাংশ চিকিৎসাৰ কভাৰেজৰ পৰা ২০২৩ চনত ৮৫ শতাংশলৈ চিকিৎসাৰ কভাৰেজ বৃদ্ধি পাইছে।

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মন্ত্ৰী জে. পি নাড্ডাই প্ৰকাশ কৰা এক তথ্য অনুসৰি টিবি ৰোগীৰ সম্পূৰ্ণ আৰোগ্যত সহায় কৰিবলৈ ভাৰতে পুষ্টি সহায়ক আঁচনি নিক্ষয় পোষণ যোজনাৰ ধাৰণা কাৰ্যকৰী কৰে। ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা চৰকাৰে এন পি ৱাইৰ অধীনত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে ১.১৬ কোটি হিতাধিকাৰীক ৩,২৯৫ কোটি টকা প্ৰদান কৰিছে। টিবি নিৰ্মূলৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ এক ডাঙৰ শক্তিশালীকৰণ হিচাপে এই আঁচনিৰ অধীনত মাহিলী সহায় ২০২৪ চনৰ নৱেম্বৰৰ পৰা প্ৰতিমাহে ৫০০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

প্ৰধানমন্ত্ৰী টিবি মুক্তি ভাৰত অভিযানে কেৱল পুষ্টিৰ প্ৰত্যাহ্বান মোকাবিলা কৰাত সহায় কৰাই নহয়  সম্প্ৰদায়সমূহৰ মাজত সহযোগিতাও বৃদ্ধি কৰিছে । এইটোৱে বিভিন্ন সম্প্ৰদায়ৰ অংশীদাৰসকলক একত্ৰিত কৰি সজাগতা বৃদ্ধিৰ বাবে আৰু টিবি ৰোগীসকলক পুষ্টি, বৃত্তিগত আৰু মানসিক সহায় আগবঢ়াবলৈ এক গণ আন্দোলন সৃষ্টি কৰিছে।

বছৰ বছৰ ধৰি ভাৰতে চিকিৎসাৰ সফলতাৰ হাৰ উন্নত কৰাৰ বাবে বেডাকুইলিন আৰু ডেলামানিডৰ দৰে নতুন ঔষধ প্ৰৱৰ্তন কৰিছে। ঔষধ-প্ৰতিৰোধী ভিন্নতা থকা ৰোগীৰ চিকিৎসা সম্পূৰ্ণ কৰাৰ প্ৰত্যাহ্বানসমূহ বিবেচনা কৰি চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । সকলো ৰোগীকে সোনকালে বিচাৰি উলিয়াবলৈ ধাৰাবাহিকভাৱে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । লগতে টিবি ৰোগীৰ চিকিৎসা কৰিবলৈ তৃণমূল পৰ্যায়ত উন্নত সঁজুলি উপলব্ধহোৱা বুলি প্ৰকাশ কৰে মন্ত্ৰী জে পি নাড্ডাই ।

``টিবি নিৰ্মূলৰ দিশত ভাৰতৰ যাত্ৰা তথা পদক্ষেপে ভাৰতক বিশ্বত এক নতুন শক্তিৰূপে প্ৰতিষ্ঠা কৰিব ।উন্নত চিকিৎসাৰ দিশত আগবাঢ়ি যোৱা অগ্ৰণী গৱেষণাৰ পৰা আৰম্ভ কৰি সাৰ্বজনীন সামাজিক সহায়ৰ ব্যৱস্থা প্ৰৱৰ্তনলৈকে ভাৰত বিশ্বব্যাপী টিবি সঁহাৰিৰ ক্ষেত্ৰত আগৰণুৱা। টিবি নিৰ্মূলৰ বাবে আমাৰ সামূহিক প্ৰতিশ্ৰুতিৰ আন এক প্ৰমাণ ১০০ দিনীয়া তীব্ৰতৰ অভিযান। মই নিশ্চিত যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু সকলো অংশীদাৰৰ অংশগ্ৰহণেৰে আমি মানৱতাৰ এই মহান শত্ৰুক পৰাস্ত কৰি সকলোৰে বাবে এক সুস্থ ভৱিষ্যতৰ সৃষ্টি কৰিম’’- কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এইদৰে প্ৰকাশ কৰে ।

#TB