Advertisment

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপাৰ ‘জনতা ভৱন ঘেৰাও’ কাৰ্যসূচী..

জনতা ভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে, বিজেপিয়ে বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আজিকোপতি তাক পূৰণ নকৰিলে৷  

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আজি টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন ‘টাই আহোম যুৱ পৰিষদ, অসম’ চমুকৈ ‘টাইপা’ই দিছপুৰৰ ‘জনতা ভৱন ঘেৰাও’ কাৰ্যসূচী ৰূপায়ন কৰে৷ টাইপাৰ সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়া, যুটীয়া সম্পাদকদ্বয় দ্বীপজ্যোতি দুৱৰাৰ নেতৃত্বত অসমৰ বিভিন্ন জিলাৰ পৰা অহা টাইপাৰ পাঁচ শতাধিক সদস্যই ‘No ST,  No Rest’, ‘জাগিছে আহোম জাগিবই; জনজাতকৰণ আমাক লাগিবই’, ‘বিজেপি গ’ বেক’, ‘নৰেন্দ্ৰ মোডী মিছলীয়া, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই’, ‘বিজেপি চৰকাৰ হায় হায়’ ইত্যাদি শ্ল'গানেৰে দিছপুৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ 

Advertisment

জনতা ভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে, বিজেপিয়ে বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আজিকোপতি তাক পূৰণ নকৰিলে৷  জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মিছা মাতিলে৷ 

হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২০১৯ চনতে জনজাতিকৰণ সন্দৰ্ভত গঠন কৰি দিয়া মন্ত্ৰীগোটে আজিকোপতি কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ নকৰিলে বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে অভিযোগ উত্থাপন কৰে৷ লগতে টাইপাৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, পূৰ্বৰ কংগ্ৰেছ দলে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে যেনেদৰে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীয় ৰাইজে কংগ্ৰেছ দলক অসমৰ শাসনৰ পৰা বিতাড়িত কৰিছিল ঠিক বিজেপি দলৰো অনাগত অসম বিধানসভা নিৰ্বাচনত একে দশাই হ’ব৷ 

এইক্ষেত্ৰত টাইপাই উজনিৰ ৪২ টা বিধানসভা সমষ্টিত আহোম জনগোষ্ঠীয় ৰাইজৰ মাজত জাতীয় সচেতনতা বৃদ্ধিৰ বাবে কাম কৰিব৷ বছৰৰ প্ৰথম সপ্তাহতে জনজাতিকৰণৰ দাবীত ‘জনতা ভৱন ঘেৰাও’ৰ দৰে কাৰ্যসূচী ৰূপায়ন কৰি টাই আহোমক জনজাতিকৰণ প্ৰদান নকৰিলে এই বছৰটো বিজেপিৰ বাবে যে সুখকৰ নহ’ব তাৰ ইংগিত প্ৰদান কৰি জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টাইপাই ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ, জোঁৰ সমদল, বাইক ৰেলী, অৰ্থনৈতিক অৱৰোধ, অসম বন্ধ আদিৰ দৰে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে ৰূপায়ন কৰি যাব বুলি টাইপাৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে৷

আজিৰ কাৰ্যসূচীৰ অন্তত টাই আহোম সকলক শীঘ্ৰেই জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু যুটীয়া সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত এক স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

টাই আহোম যুৱ ছাত্ৰ পৰিষদ