বিমান দুৰ্ঘটনাক লৈ মুখ খুলিছে টাটা গ্ৰুপৰ অধ্যক্ষই! ক'লে বহু কথা...

আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাক লৈ  টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে শেহতীয়াকৈ দুখ ব্যক্ত কৰিছে। এই দুুৰ্ঘটনাটো অতি বেদনাদায়ক আছিল বুলি শোকব্যক্ত কৰি অধ্যক্ষগৰাকীয়ে সকলো যাত্ৰীৰ

author-image
Asomiya Pratidin
New Update
yhyh

ডিজিটেল ডেস্কঃ আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাক লৈ  টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে শেহতীয়াকৈ দুখ ব্যক্ত কৰিছে। এই দুুৰ্ঘটনাটো অতি বেদনাদায়ক আছিল বুলি শোকব্যক্ত কৰি অধ্যক্ষগৰাকীয়ে সকলো যাত্ৰীৰ পৰিয়ালৰ ওচৰত পুনৰ এবাৰ ক্ষমা প্ৰাৰ্থনা কৰে।

Advertisment

এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এটা বিশেষ সাক্ষাতকাৰত টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে কয় যে, এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক সান্ত্বনা দিবলৈ আমাৰ ওচৰত ভাষা নাছিল। আমি আমাৰ তৰফৰ এই পৰিয়ালটোৰ কাষত থিয় হৈছো আৰু আগন্তুক দিনবোৰতো আমি তেওঁলোকৰ কাষত থাকিম।

বিমানখনত হোৱা যান্ত্ৰিক বিজুতিক লৈও  টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে সবিস্তাৰে বিৱৰি কয় এই সাক্ষাতকাৰটোত। তেওঁ কয় যে, বহুতে বহু কথা কৈছে। কিন্তু এতিয়ালৈকে বিমানখনৰ আঁচল কাৰণ পোহৰলৈ অহা নাই। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। অচিৰেই সকলো কাৰণ পোহৰলৈ আহিব।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ইঞ্জিনৰ সন্দৰ্ভতো মন্তব্য ৰাখে  টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে। তেওঁ কয় যে, বহুতে কোৱাৰ দৰে বিমানখন দুয়োটা ইঞ্জিনত কোনো খোদ নাছিল। ইয়াৰে এটা ইঞ্জিন একেবাৰে নতুন। ২০২৫ৰ মাৰ্চ মাহত ইয়াৰে এটা ইঞ্জিন সংস্থাপন কৰা হৈছিল বিমানখনত।

ইফালে আনটো ইঞ্জিনো শেষবাৰৰ বাবে ২০২৩চনত চাৰ্ভিছিং কৰা হৈছিল আৰু ২০২৫বৰ্ষৰ ডিচেম্বৰৰ লৈকে ভেলিডিটী আছিল। আনহাতে বিমান দুখনত থকা পাইলট দুগৰাকীও আছিল যথেষ্ট অভিজ্ঞ। 

বিমান দুৰ্ঘটনা টাটা গ্ৰুপ