/asomiyapratidin/media/media_files/2025/03/21/05wIIhR0rcHsYIl4koak.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ আজি বিয়লি তিতাবৰত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় । নিহত লোকৰ জনৰ নাম হৰেন মানকি বুলি জানিব পৰা গৈছে ।
জানিব পৰামতে তিতাবৰ কাছজান চাহ বাগিচাৰ চাহ পাত কঢ়িওৱা গাড়ীয়ে চাহপাত খালি কৰি উভতি আহি থকা অৱস্থাত লোকজনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু হৰেন মানকি নামৰ লোকজন থিতাতে নিহত হয়।
অৱশ্যে দুৰ্ঘটনা কৰি বাহনখনে পলায়ন কৰে। কাছজান চাহ বাগিচা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তিজনক মৃতদেহ মৰুণোত্তৰ পৰীক্ষা বাবে JMCH প্ৰেৰণ কৰিছে ।