৭ বছৰত ৭ লাখ নেক্সন SUV বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছৰ

গ্ৰাহকৰ বাবে এআইডিচিত কামাখ্যা মটৰ্ছৰ ১ লাখ ২১ হাজাৰ টকা পৰ্যন্ত সুবিধা প্ৰদান

author-image
Asomiya Pratidin
New Update
৭ বছৰত ৭ লাখ নেক্সন SUV বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছৰ

ডিজিটেল সংবাদ,গুৱাহাটীঃ ২০১৭ চনত মুকলি কৰা নেক্সনে ২০২১ৰ পৰা ২০২৩ চনলৈ একেৰাহে ৩ বছৰ ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা এছ ইউ ভি হিচাপে নিজৰ স্থান নিশ্চিত কৰিছে। মঙলবাৰে মহানগৰীৰ এআইডিচিৰ কামাখ্যা মটৰ্ছত এক অনুষ্ঠানৰ জৰিয়তে এই কথা সদৰি কৰে প্ৰতিষ্ঠানটোৱে। ভাৰতৰ বিশিষ্ট অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছে ৭ বছৰত নিজৰ আগশাৰীৰ এছ ইউ ভি নেক্সনৰ ৭ লাখ ইউনিট বিক্ৰী কৰাৰ কৃতিত্ব উদযাপন কৰে।

Advertisment

৭ বছৰত ৭ লাখ বিক্ৰীৰ সাফল্য উদযাপন কৰিবলৈ বৰ্তমান নতুন গ্ৰাহকৰ বাবে ৰোমাঞ্চকৰ মূল্যৰ সুবিধা আগবঢ়াইছে কোম্পানীটোৱে। টাটা মটৰ্ছে দেশৰ সকলো যাত্ৰীবাহী বাহন ডিলাৰশ্বিপ আৰু শ্ব’ৰুমত বিশেষ অনুষ্ঠান আৰু গ্ৰাহক সভাৰ আয়োজন কৰিছে।

ইতিমধ্যে বুকিং কৰা আৰু নিজৰ নেক্সনৰ ডেলিভাৰীৰ বাবে অপেক্ষা কৰি থকা গ্ৰাহকৰ লগতে নতুন ক্ৰেতা বা নতুন মডেললৈ উন্নীত কৰিব বিচৰা গ্ৰাহকে মডেল আৰু ভেৰিয়েণ্টৰ ওপৰত নিৰ্ভৰ কৰি ১ লাখ ২১ হাজাৰ টকা পৰ্যন্ত সুবিধা লাভ কৰিব পাৰিব।

Also Read: পকচো আইনৰ অধীনত কোকৰাঝাৰত দোষীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

7 lacs Nexon Nexon SUV