tarun gogoi
tarun gogoi

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে কাকডোঙাত বৃক্ষৰোপণ কাৰ্যসূচী...

ডিজিটেল সংবাদ কাকডোঙাঃ আজি ৰাজ্যৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৮৮ তম জন্ম দিন।দেৰগাঁৱৰ কাকডোঙাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে গৌৰৱ ফেনক্লাৱৰ সৌজন্যত দেৰগাঁও টাউন ব্লক কংগ্ৰেছ সমিতি,কাকডোঙা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত আৰু দেৰগাঁও যুৱ কংগ্ৰেছৰ সহযোগত কাকডোঙাৰ গোহাঁইমেৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এই কাৰ্যসূচীত কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰফেচনেল কংগ্ৰেছৰ সভাপতি বাণী হাজৰিকা, দেৰগাঁও জিলা পৰিষদ সমষ্টিৰ সদস্যা নিজৰা বৰুৱা, উত্তৰ পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী জোনটি হাজৰিকা,দেৰগাঁও সমষ্টিৰ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ সমন্বয়ক জয়কৃষ্ণ বৰুৱা, কাকডোঙা ব্লক কংগ্ৰেছৰ সম্পাদক পৱিত্ৰ দত্ত ।কাকডোঙা ব্লক কংগ্ৰেছৰ সভাপতি ভৱেন গগৈ আদি কৰি বহুলোক উপস্থিত আছিল।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in