প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে বটদ্ৰৱাত বিভিন্ন কাৰ্যসূচী

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে আজি বটদ্ৰৱাত বিভিন্ন কাৰ্যসূচীৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰা হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে বটদ্ৰৱাত বিভিন্ন কাৰ্যসূচী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে আজি বটদ্ৰৱাত বিভিন্ন কাৰ্যসূচীৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰা হয়। গৌৰৱ গগৈ ফেন ক্লাৱৰ উদ্যোগত বটদ্ৰৱা সমষ্টি যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ সহযোগত জন্মদিন পালন কৰা হয়।

এই অনুষ্ঠানৰ কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই। পাছত কাৰ্যকৰ্তা সকলে বটদ্ৰৱা থান চৌহদত গছপুলি ৰোপণ কৰাৰ পাছত আকাশী গংগাৰ তীৰত তীৰ্থযাত্রীসকসক লঘু আহাৰ বিতৰন কৰে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in