চোৰৰ টাৰ্গেট সাংবাদিক, সোণৰ আলংকাৰৰ লগতে লুটিলে নগদ ধন

এইবাৰ চোৰৰ টাৰ্গেট হ'ল সাংবাদিক ৷ সাংবাদিকৰ বাসগৃহৰ পৰা চোৰৰ দলে লুটি নিলে চাৰি লক্ষাধিক টকাৰ আ-আলংকাৰ লগতে নগদ ৩০ হাজাৰ টকা। ৰঙাপৰাত দিনদুপৰতে সংঘটিত হৈছে এই চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
vxvxvv

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এইবাৰ চোৰৰ টাৰ্গেট হ'ল সাংবাদিক ৷ সাংবাদিকৰ বাসগৃহৰ পৰা চোৰৰ দলে লুটি নিলে চাৰি লক্ষাধিক টকাৰ আ-আলংকাৰ লগতে নগদ ৩০ হাজাৰ টকা। ৰঙাপৰাত দিনদুপৰতে সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে সোণৰ গহনাৰ লগতে নগদ ধন ৷ 

Advertisment

ৰঙাপৰাৰ ১ নং নামনি গাঁও নিবাসী এখন বাতৰি কাকতৰ ৰঙাপৰাৰ সংবাদিক ছাহজাহান চেলিম কুৰেছিৰ ঘৰত সংঘটিত হয় এই  চুৰি কাণ্ড ৷ সাংবাদিক গৰাকীয়ে বিশেষ কামৰ বাবে পৰিয়ালৰ সৈতে গৈছিল তেজপুৰলৈ ৷ তেজপুৰৰ পৰা পৰিয়ালসহ ঘৰলৈ ঘুৰি আহি ঘৰৰ সকলো বয় বস্তু লণ্ড ভণ্ড হৈ পৰি থকা দেখি হতভম্ভ হৈ পৰে ৷ চোৰৰ দলে সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় ৩০ হাজাৰ টকা লৈ উধাও হয় ৷ 

ইফালে ৰঙাপৰাত দিন দুপৰতে সংঘটিত চুৰিকাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সাংবাদিক গৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ৰঙাপৰা আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

জামুগুৰিহাট চোৰ