বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো অসুস্থঃ হায়দৰাবাদত চিকিৎসাধীন...

যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমীৰ বড়ো এডভাইজৰি ব’ৰ্ডৰ আহ্বায়কগৰাকী উন্নত চিকিৎসাৰ বাবে শুকুৰবাৰে যায় হায়দৰাবাদলৈ।

author-image
Asomiya Pratidin
New Update
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো অসুস্থঃ হায়দৰাবাদত চিকিৎসাধীন...

ডিজিটেল ডেস্কঃ বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক তৰেণ বড়োক হায়দৰাবাদৰ এ আই জি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য একাডেমীৰ বড়ো এডভাইজৰি ব’ৰ্ডৰ আহ্বায়কগৰাকীক শুকুৰবাৰে হায়দৰাবাদলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে। 

Advertisment

ইয়াৰ পূৰ্বে প্ৰায় ১০ দিন আগত তেওঁক গুৱাহাটী মহানগৰীৰ দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। উল্লেখ্য যে, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছিল। ১৯৫৫ চনৰ ১ নৱেম্বৰত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ (পিজি) উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। 

তেওঁ ১৯৮৪ -১৯৯০ চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ 'The Bodo' ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধ্যক্ষ, উপ সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। 

ইপিনে ২০০৫ চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব'ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য একাডেমীৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। 

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োৱে নাটক, চুটি গল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে। তেওঁক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বহুকেইটা বঁটা প্ৰদান কৰিছে। জননেতা ভীমবৰ দেউৰী একতা বঁটা,মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা,আহমদ আলী বাশখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদি তেওঁ লাভ কৰিছে।

এইগৰাকী স্বনামধমন্য বড়ো সাহিত্যিক যোৱা কিছু দিন ধৰি অসুস্থ হৈ থকাৰ খবৰে তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে। হায়দৰাবাদৰ এ আই জি হাস্পতালত উন্নত চিকিৎসা গ্ৰহণ কৰি শীঘ্ৰেই সম্পূৰ্ণ সুস্থ হৈ আহি পুনৰ সাহিত্য চৰ্চাৰ লগতে সাহিত্য সংগঠক হিচাপে নতুন উদ্যমেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে। 

 

বড়ো সাহিত্য সভা তৰেণ বড়ো