দিছপুৰত চিকিৎসাধীনঃ কেনে আছে বডো় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো...

বৰ্তমান কেনে আছে চিকিৎসাধীন হৈ থকা  বডো় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১০মাৰ্চত দিল্লীত সাহিত্য অকাডেমিৰ এখন বিশেষ বৈঠকত অংশ লৈ ঘৰলৈ

author-image
Asomiya Pratidin
New Update
okokddddd

ডিজিটেল ডেস্কঃ বৰ্তমান কেনে আছে চিকিৎসাধীন হৈ থকা  বডো় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১০মাৰ্চত দিল্লীত সাহিত্য অকাডেমিৰ এখন বিশেষ বৈঠকত অংশ লৈ ঘৰলৈ উভতাৰ পাছতে শাৰিৰিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিছিল তেওঁ। তাৰ পিছদিনাই অৰ্থাৎ ১১মাৰ্চত তেওঁ গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত স্বাস্থ্য পৰীক্ষা কৰোৱাওতে তেওঁৰ শৰীৰত হিম'গ্লবিনৰ অভাৱ ধৰা পৰে। 

চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তৰেণ বড়োক তেজ প্ৰদান কৰা হয়। শৰীৰত ছুগাৰৰ উপস্থিতিৰ বাবে কোনো যাতে অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে তেওঁক অক্সিজেনো প্ৰদান কৰা হয়। বৰ্তমান বডো় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা  সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়কগৰাকীৰ স্বাস্থ্য বহুখিনি উন্নত হৈছে।

অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তৰেণ বড়োয়ে তেওঁৰ স্বাস্থ্যৰ কথা অৱগত কৰে। তেওঁ কয় যে, পূৰ্বতকৈ এতিয়া তেওঁৰ স্বাস্থ্য বহুখিনি উন্নত হৈছে। অৱশ্যে চিকিৎসকৰ তত্বাৱধানৰ বাবে তেওঁ বৰ্তমানো দিছপুৰ পলিক্লিনিক হাস্পতালতে ভৰ্তি হৈ আছে।

উল্লেখ্য যে সাহিত্য আৰু সংস্কৃতিৰ  ক্ষেত্ৰখনত  জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে  তেওঁক নতুন দিল্লীত  ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে । ১৯৫৫ চনৰ ১ নৱেম্বৰত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ (পিজি) উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে ।

তেওঁ ১৯৮৪ -১৯৯০ চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয় । ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ 'The Bodo' ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধ্যক্ষ, উপ সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল । 

ইপিনে  ২০০৫ চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব'ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে । বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োই নাটক, চুটি গল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে ।

তৰেণ বড়ো