বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত...

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত...

author-image
Dimpul Borgohain
New Update
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰ  বাবে নিৰ্বাচিত...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যি অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক তৰেণ বড়োই সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে ৰাষ্ট্ৰীয় বঁটা । এই ৰাষ্ট্ৰীয় বঁটা অহা ২ দুই অক্টোবৰত প্ৰদান কৰিব নতুন দিল্লীত গান্ধী জয়ন্তীৰ দিনা ।১৯৫৫ চনৰ ১ নৱেম্বৰত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ (পিজি) উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে । তেওঁ ১৯৮৪ -১৯৯০ চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয় ।

Advertisment

ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ 'The Bodo' ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধক্ষ,উপ সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল । ইপিনে ২০০৫ চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব'ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে ।

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োই নাটক, চুটি গল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে । তেওঁক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বহুকেইটা বঁটা প্ৰদান কৰিছে । সেইবোৰৰ ভিতৰত হৈছে ক্ৰমে জননেতা ভীভবৰ দেউৰী একতা বঁটা, মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা,আহমদ আলী বাসখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদিৰ পিছতে অহা ২ অক্টোবৰত নতুন দিল্লীত গান্ধী জয়ন্তীৰ দিনা সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে নিৰ্বাচিত কৰি তেওঁক নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব । য'ত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীদ্বয় কিৰণ ৰিজিজু আৰু হৰদ্বীপ পুৰি আৰু মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী মহন যাদৱ ।

তৰেণ বড়ো