/asomiyapratidin/media/media_files/2025/06/17/HOzY5R25daSd5K910JGS.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ১২নং ছালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰলাপাৰা-ভূমকিত তাৰং নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলংখন নতুনকৈ পকী দলং নিৰ্মাণৰ বাবে আজি কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে আধাৰশিলা স্থাপন কৰে।
২ কোটি ২৫ লাখ ২৭ হাজাৰ ১৬৪ টকাৰে নিৰ্মান হবলগীয়া উক্ত দলংখন সম্পূৰ্ণ হৈ উঠিলে ভূমকী , ডিয়াঝিজৰী , অণ্ঠাইবাৰী, হালোৱাদল , ছালাকাটি , তাৰংগুৰী , ভূটীয়াপাৰা, বালাজান তিনালী , বালাগাঁও আদি গাঁৱৰ যাতায়ত ব্যৱস্থাত প্ৰভূত সুবিধা হ'ব আৰু ছালাকাটি অঞ্চলৰ পৰা কোকৰাঝাৰ মেডিকেল কলেজ, বড়োলেণ্ড বিশ্ববিদ্যালয় , চিআইটি তথা কোকৰাঝাৰ সদৰ চহৰলৈ পথ দূৰত্ব যথেষ্ট কমাই আনিব।
উল্লেখ্য যে বৰলাপাৰা-ভূমকিত তাৰং নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলংখন নিৰ্মাণ কৰিবলৈ বিগত ১০ -১৫ বছৰ ধৰি স্থানীয় ৰাইজে দাবী উত্থাপন কৰি আহিছিল। সেই সময়ত উক্ত অঞ্চলটো চিদলী সমষ্টিৰ অন্তৰ্গত আছিল আৰু বিপিএফৰ বিধায়কে উল্লেখিত অঞ্চলটোৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে ।
উক্ত জৰাজীৰ্ণ দলংৰ পৰা পৰি বহু ছাত্ৰ -ছাত্ৰী আঘাতপ্ৰাপ্ত হ'ল , বহু পথচাৰী আহত হ'ল আৰু কেবাটাও মটৰচাইকেল দূৰ্ঘটনাত সংঘটিত হ'ল । সমষ্টি পুণৰ নিৰ্ধাৰণৰ পিছত উক্ত অঞ্চলটো তিনি নং কোকৰাঝাৰ বিধানসভা সমষ্টিত সোমাই পৰে। তিনি নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা যুৱনেতা লৰেন্স ইছলাৰীয়ে সমষ্টি পুণৰ নিৰ্ধাৰণৰ পিছতে উক্ত অঞ্চলত কেবাটাও বৃহৎ বৃহৎ উন্নয়নমুলক কাম-কাজৰ বাবে অনুমোদন জনায় ।
বিধায়ক ইছলাৰীয়ে সদৰি কৰা মতে বৰলাপাৰা-ভূমকিত পকী দলং , অসম মালা আঁচনিৰ অধীনত বালাজান তিনালীৰ পৰা কালিপুখুৰী হৈ বাসুগাঁওলৈ পকী পথ , কালিপুখুৰী হাইস্কুলৰ উন্নয়ন , চম্পাৱতী দলংৰ ওপৰত বৃহৎ পকী দলং, ছালাকাটি হাইস্কুলৰ উন্নয়ন আদিকে ধৰি বহু আঁচনি ৰূপায়ন কৰা হ'ব বুলি মন্তব্য কৰিছে।
এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলক যেনেদৰে কাম কৰাৰ সুযোগ দিছে সিয়ে প্ৰতিটো অঞ্চলৰে উন্নয়ন সাধন কৰিব। প্ৰতিটো অঞ্চলৰ উন্নয়ন তেওঁলোকৰ লক্ষ্য বুলি সদৰি কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে অনাগত সময়ছোৱাত ঢোলমাৰা, চৰাইখোলা আদিকে ধৰি তেওঁৰ সমষ্টিৰ প্ৰতিটো অঞ্চলৰে জনসাধাৰণৰ অসুবিধাসমুহ দুৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
ইপিনে সংবাদিকৰ এক প্ৰশ্নত্তোৰত বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি অহা চেপ্টেম্বৰ মাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বিটিচিৰ ৪০ টা সমষ্টিতে ইউপিপিএল দলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু আছে ।
তেওঁ ছালাকাটি সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী হ'ব নেকি বুলি সোধা এক প্ৰশ্নোত্তোৰত বিধায়ক ইছলাৰীয়ে কয় যে তেওঁ বৰ্তমান বিধায়ক আৰু অসম বিধানসভাত ইউপিপিএলৰ বিধায়নী দলৰ দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।ছালাকাটি সমষ্টিত দলে তেওঁক প্ৰাৰ্থীত্ব দিলে দলৰ নিৰ্দেশ মানি চলিব লাগিব আৰু খেল জমিব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।
তেওঁ যিহেতু এগৰাকী বিধায়ক লগতে কোকৰাঝাৰ জিলা ইউপিপিএলৰ সভাপতি সেয়েহে কোকৰাঝাৰ জিলাৰ সমুহ ঠাইতে দলীয় কাম কাজৰ বাবে আৰু নিজা সমষ্টিত উন্নয়ন তথা জনসাধাৰণৰ অভাৱ অভিযোগৰ বুজ লবলৈ যাব লগা হৈছে বুলি মন্তব্য কৰি ইয়াতেই বিৰোধীয়ে ভয় খাইছে বুলি মত পোষণ কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে।
বিগত ১৭ বছৰে ছালাকাটি অঞ্চলত বিপিএফে একোৱেই কাম নকৰিলে বুলিও মত পোষন কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে । উল্লেখ্য যে আজিৰ পকী দলং নিৰ্মানৰ আধাৰশীলা অনুষ্ঠানত সহস্ৰাধিক জনতা উপস্থিত আছিল আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে লোৱা পদক্ষেপক আদৰণি জনাইছে ।