Advertisment

ভোগালীৰ বতৰত তাৰাবাৰী আৰক্ষীৰ জালত ৪গভাইত চোৰ...

ভোগালী বিহুৰ উৰুকাৰ দিনাও চোৰৰ স'তে ব্যস্ত হৈ থাকিবলগীয়া হৈছে  আৰক্ষী। ভোগালীৰ আনন্দ- উচাহক একাষৰীয়া কৰি নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি গৈছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
চোৰ

চোৰ Photograph: (চোৰ)

ডিজিটেল সংবাদ, চেঙাঃ  ভোগালী বিহুৰ উৰুকাৰ দিনাও চোৰৰ স'তে ব্যস্ত হৈ থাকিবলগীয়া হৈছে  আৰক্ষী। ভোগালীৰ আনন্দ- উচাহক একাষৰীয়া কৰি নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি গৈছে আৰক্ষীয়ে। ভোগালী বিহুৰ প্ৰাকক্ষণত বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ তৎপৰতাত তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ গভাইত চোৰ।

Advertisment

ধৃত চোৰ চাৰিটাৰ বিৰুদ্ধে তাৰাবাৰী থানাত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে । ধৃত চোৰ চাৰিটা হৈছে- চেঙা মুছলমান গাঁৱৰ ক্ৰমে প্ৰয়াত ফৰমুদ আলীৰ পুত্ৰ হুৰমুজ আলী ওৰফে ডালিম আলী আৰু ছাহজাহান আলীৰ পুত্ৰ ৰফিকুল আলী আৰু চনেৰটাৰী গাঁৱৰ ক্ৰমে জেহেৰ আলীৰ পুত্ৰ চানিদুল আলী আৰু জমচেৰ আলীৰ পুত্ৰ বাবুল আলী। 

উল্লেখ্য যে চেঙা মুছলমান গাঁৱৰ হুৰমুজ আলী ওৰফে ডালিম আলী আৰু ৰফিকুল আলীয়ে একে গাঁৱৰে মজিবৰ ৰহমানৰ পুত্ৰ নুৰ ইছলাম আলীৰ বাসগৃহত যোৱা ১০ জানুৱাৰীৰ নিশা চুৰি কাৰ্য সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে । যোৱা ১০ জানুৱাৰীৰ নিশা চেঙা মুছলমান গাঁৱত চলি আছিল এখন ধৰ্মীয় সভা। গৃহস্থই সপৰিয়ালে ধৰ্মীয় সভাখনত উপস্থিত থকাৰ সুযোগ লৈ চুৰি কাৰ্য সংঘটিত কৰিছিল চোৰ দুটাই ।

 দেওবাৰে স্থানীয় ৰাইজে চোৰ দুটাক আটক কৰি সোধপোচ কৰাত চুৰি কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰে চোৰ দুটাই। তাৰ পাছতেই ৰাইজে তাৰাবাৰী আৰক্ষীক গতাই দিয়ে চোৰ দুটাক। আনহাতে চুৰি কাৰ্য সম্পৰ্কত তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছিল নুৰ ইছলাম আলীয়ে। চোৰ দুটাৰ পৰা তাৰাবাৰী আৰক্ষীয়ে ২৮ শ টকা উদ্ধাৰ কৰি সেই টকাখিনি জব্দ কৰা বুলিও জানিব পৰা গৈছে। ধৃত চোৰ দুটাৰ বিৰুদ্ধে তাৰাবাৰী থানাত ০৪/২০২৫ নম্বৰত গোচৰ ৰুজু হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে  চনেৰটাৰী গাঁৱৰ চানিদুল আলী আৰু বাবুল আলীয়ে মালিপাৰা গাঁৱৰ পৰা যোৱা ১১ জানুৱাৰীৰ নিশা এখন পালচাৰ বাইক চুৰি কৰিছিল। দেওবাৰে পুৱা স্থানীয় ৰাইজে চোৰ দুটাক আটক কৰি তাৰাবাৰী আৰক্ষীক গতাই দিয়ে। চোৰ দুটাৰ পৰা তাৰাবাৰী আৰক্ষীয়ে এ.এচ-১৫ এক্স -৫৭৪০ নম্বৰৰ চুৰি হোৱা পালচাৰ বাইকখন জব্দ কৰে। ধৃত চোৰ দুটাৰ বিৰুদ্ধে তাৰাবাৰী থানাত ০৩/২০২৫ নম্বৰত গোচৰ ৰুজু হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।  উল্লেখ্য যে সোমবাৰে ধৃত চোৰ চাৰিটাক বৰপেটা আদালতত হাজিৰ কৰায় তাৰাবাৰী আৰক্ষীয়ে।

ভোগালী বিহু