ৰঙা ফিটাৰ মেৰপাকতে থাকিল তপতজুৰিৰ ১৮ বন্যহস্তীৰ মৃত্যুৰ তদন্ত

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাত ২০২১ চনৰ ৩ জুনত ১৮টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ এক তদন্ত বিচাৰি অসম চৰকাৰৰ বন বিভাগৰ বিষয়া আদিৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছিল প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে। 

author-image
Asomiya Pratidin
New Update
22

ডিজিটেল ডেস্কঃ আজিও ৰঙা ফিটাৰ মেৰপাকতে থাকিল তপতজুৰি অঞ্চলত ১৮ কৈ বন্যহস্তীৰ বজ্ৰপাতত কৰুণ মৃত্যু সন্দৰ্ভত দিয়া গোচৰৰ তদন্ত। নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাত ২০২১ চনৰ ৩ জুনত ১৮টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ এক তদন্ত বিচাৰি অসম চৰকাৰৰ বন বিভাগ বিষয়া আদিৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছিল প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে। 

Advertisment

উল্লেখযোগ্য যে, বন্যহস্তীৰ বজ্ৰপাতত কৰুণ মৃত্যুক স্থানীয় ৰাইজে সহজে লব পৰা নাছিল। বিশেষকৈ বন বিভাগৰ চৰম উদাসীনতাৰ বাবে পাহাৰৰ গছ গছনি ধ্বংসৰ কবলত পৰি তকলা হৈছিল। পাহাৰটোত মাটি কটা অবস্থা থকা এখন ফকলেণ্ড  প্ৰত্যক্ষ কৰিছিল প্ৰকৃতিপ্ৰেমীগৰাকীয়ে। যাৰবাবে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভৰ বহিঃপ্ৰকাশ কৰিলে অপূৰ্ব বল্লভ গোস্বামীয়ে। 

অসম চৰকাৰে বন্যহস্তীৰ সংৰক্ষণ বাবে ২০০৩ চনৰ ১৭ এপ্ৰিলত গোলাঘাট, কাৰ্বি-আংলং, নগাঁও আৰু শোণিতপুৰ জিলা সামৰি মুঠ ৩২৭০ বৰ্গ কিলোমিটাৰ অঞ্চল কাজিৰঙা-কাৰ্বি আংলং এলিফণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। চৰকাৰে ঘোষণা কৰা কাজিৰঙা, কাৰ্বি আংলং এলিফণ্ট ৰিজাৰ্ভৰ অন্তৰ্গত আছিল এই অঞ্চল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যহস্তীৰ প্ৰায় ২০০ দল কুকুৰাকটা সংৰক্ষিত বনাঞ্চলৰ কাষেৰে বাঘচেৰ সংৰক্ষিত বনাঞ্চললৈ বিচৰণ বাবে আহে৷ এই বাঘচেৰৰ পৰাই হাতীৰ জাক উত্তৰ আৰু দক্ষিণ ডিজুহৈ চোৱাং সংৰক্ষিত বনাঞ্চললৈ আহে ৷

বন্যহস্তীৰ জাক এই পথেৰে অহা-যোৱা কৰে৷ চোৱাং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰে জিয়াজুৰী, শুকানজুৰী , বামুণীপাহাৰ ৷ শুকানজুৰী পাহাৰৰ পৰা বন্যহস্তী কঠিয়াতলী হৈ ডবকা বনাঞ্চললৈ যায় ৷ চোৱাং বনাঞ্চল পৰা শুকানজুৰি পাহাৰ হৈ বন্যহস্তী বামুনী পাহাৰ প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলৈ আহে৷ 

এই প্ৰস্তাবিত বনাঞ্চলখনৰ ভুমি অধিকাৰ থাকে নগাঁও জিলাৰ প্ৰশাসনৰ আৰু বনাঞ্চল দায়িত্ব থাকে নগাঁও বন বিভাগৰ। অপূৰ্ব বল্লভ গোস্বামীয়ে বিশেষ পষ্টটোৰ জৰিয়তে কৰিছে কেইবাটাও প্ৰশ্ন। তেওঁ উল্লেখ কৰিছে, "প্ৰকৃততে প্ৰশাসনে দায়িত্ব পালন কৰিছিল নে?

বন্যহস্তীৰ এই বিচৰণ অঞ্চলটোত বনাঞ্চল ধ্বংস কৰি অবৈধভাৱে শিল কোৱাৰী খুলিবলৈ কোনে অনুমতি দিছিল?" লগতে তেওঁ লিখে, "তপতজুৰি পাহাৰৰ সমীপৰ বন্যহস্তী বিচৰণৰ প্ৰায় ২৭০ বিঘা খেতিয়কৰ ভূমিত সৌৰ শক্তি প্ৰকল্প স্থাপনৰ অনুমোদন চৰকাৰে দিছিল। বন্যহস্তী সংৰক্ষিত অঞ্চলত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰাটো এক ৰহস্যজনক বিষয়।

এই সম্পৰ্কত ৰাইজে ভুমি অধিকাৰ বিচাৰি এক আন্দোলন কৰি আহিছে।বন্যহস্তী বিচৰণ স্থলীত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাছিল।"

বন্যহস্তীৰ বিচৰণ এই বৃহৎ সংৰক্ষিত বনাঞ্চল সমূহ কোনে ধ্বংস কৰি আহিছে? তপতজুৰীত এই ১৮ টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ তদন্ত হবনে? এই প্ৰশ্ন প্ৰতিজন সচেতন নাগৰিকৰ।

বন বিভাগ বন্যহস্তী