/asomiyapratidin/media/media_files/2025/04/04/EyIUxHcIGKiGNqMNlSuL.jpg)
ডিজিটেল ডেস্কঃ বিৰোধীক ধূলিস্যাৎ কৰি ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত বিপুল জয়ৰ দিশে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট। শেহতীয়াকৈ ওলোৱা ফলাফল অনুসৰি পৰিষদীয়া নিৰ্বাচনত পুনৰ বিপুল ভোটত জয়ী হৈছে মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা।
৭ নং দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ পৰা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী তথা মুখ্য আহবায়ক টংকেশ্বৰ ৰাভা । টংকেশ্বৰ ৰাভাই তেওঁৰ প্ৰতিদ্বন্দী কংগ্ৰেছৰ সঞ্জীৱ ৰাভাক ৫, ৫৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। টংকেশ্বৰ ৰাভাই ৭১৬১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ সঞ্জীৱ ৰাভাই ভোট লাভ কৰে ১৫৯৩ টা ভোট।
উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে কামৰূপৰ ১৪টা আৰু গোৱালপাৰাৰ ১০টা পৰিষদীয় সমষ্টিৰ ফলাফল ওলাইছে। এই নিৰ্বাচনত পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল বিজেপি মিত্ৰজোঁটৰ ৩গৰাকী প্ৰাৰ্থী।
কামৰূপ জিলাৰ ১৪টা ৰাভা হাছং পৰিষদীয় সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰা প্ৰাৰ্থী সমূহ ক্ৰমে-
- বকো সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভাৰ জয়লাভ।
- জোঙাখুলি সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ জয়লাভ ।
- বামুনীগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ ।
- বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা জয়লাভ ।
- লুকী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে. মাৰাকৰ জয়লাভ ।
- উত্তৰ বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ ।
- জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ জয়লাভ ।
- পান্টান সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাৰ জয়লাভ ।
- গোবৰ্ধন সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ ।
- ৰানী সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ ।
- শিলপোটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ জয়লাভ ।
- দক্ষিন বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ মিনতি ৰাভা জয়লাভ ।
- চান্দডুবি সমষ্টিৰ যৌথ মঞ্চৰ নৃপেন চন্দ্ৰ ৰাভাৰ জয়লাভ ।
- কুলচি সমষ্টিৰ যৌথ মঞ্চ ৰশ্মি মালা ৰাভাৰ জয়লাভ ।
আনফালে গোৱালপাৰা জিলাৰ ১২ নং ডিৰ্মাজাখিলী সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী জীৱন ৰাভা বিজয়ী হৈছে। যৌথৰ জীৱন ৰাভাই ভোট লাভ কৰিছে ৬০৮০টা ভোট। ১৪ নং জিনাৰী সমষ্টিত যৌথৰ দেবান মোমিন জয়ী হৈছে। দেবান মোমিনে ভোট লাভ কৰে ৩৩৭৮ টা ভোট।
১নং ধূপধৰা সমষ্টিত জয়ী হৈছে ৰাভা যৌথ মঞ্চৰ অনাদি সৰকাৰ। ২ং কোঠাকুঠি সমষ্টিত জয়ী হৈছে বিজেপিৰ ভৈৰল কছাৰী। ৩ নং ধনুভাঙাত যৌথ মঞ্চৰ ফনীন্দ্ৰ ৰাভা জয়ী হৈছে। ইফালে ৫নং কুশধোৱা-দৰংগিৰি পৰিষদীয় সমষ্টিত কংগ্ৰেছৰ পৰমা ৰাভা ৫৫৭৬টা ভোট লাভ কৰিছ। সমষ্টিটোত যৌথ মঞ্চৰ প্ৰাৰ্থী হিতেশ ৰাভাই লাভ কৰিছে ৪৯৭৫টা ভোট। আনফালে ৬ নং উত্তৰ দুধনৈ সমষ্টিত জয়ী হৈছে যৌথ মঞ্চৰ শান্তি বসুমতাৰী।
উল্লেখযোগ্য যে, মুঠ ৩৬ টা সমষ্টিৰে গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। ইতিমধ্যে গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।