ইন্ধান পৰিবাহী টেংকাৰ দুৰ্ঘটনাত পতিত হৈ বিস্ফোৰণঃ জীৱন্ত অগ্নিদগ্ধ মহিলা, ২০ জনৰো অধিক আহত...

author-image
Asomiya Pratidin
New Update
ইন্ধান পৰিবাহী টেংকাৰ দুৰ্ঘটনাত পতিত হৈ বিস্ফোৰণঃ জীৱন্ত অগ্নিদগ্ধ মহিলা, ২০ জনৰো অধিক আহত...

madhya pradesh

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হোৱাৰ বিপৰীতে ২০ জনৰো অধিক লোক আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে মধ্যপ্ৰদেশতষ। এখন ইন্ধন ভৰ্তি টেংকাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে বিস্ফোৰণ ঘটাত এই ভংয়কৰ ঘটনা সংঘটিত হৈছে।

Advertisment

উল্লেখ্য যে বুধবাৰে পুৱতি নিশা মধ্য প্ৰদেশৰ খাৰগোনত পেট্ৰ'ল আৰু ডিজেল ভৰ্তি এখন টেংকাৰ বাগৰি পৰে।ইয়াৰ পিছতে টেংকাৰখন প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হয়। ফলত এগৰাকী মহিলা জীৱন্তে ভস্মিভূত হোৱাৰ বিপৰীতে আন ২০ গৰাকীৰো অধিক লোক গুৰুতৰ ভাৱে আহত হয়।

আহত ২০ জন লোকৰ ভিতৰত আছে ৭ টাকৈ শিশু। ৰাজ্যখনৰ খাৰগোনৰ বিস্তান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মোগাৰ্গাওঁ-গড়ী পথত অৱস্থিত আনজাংগন গাঁৱত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী উপস্থিত হয়। উদ্ধাৰকাৰীসকলে আহতসকলক ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে ২০ গৰাকী আহতৰ মাজত আছে ৭ টা শিশু আৰু ১৩ জন পুৰুষ আৰু মহিলা।

madhya pradesh road accident