/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a20b3343-c8a5-4a36-b712-32de4be6daf9/nnnnn.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়া: নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্মালী দাসে চিত্ৰ অংকণৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে সোণৰ পদক । সুৰনন্দন ভাৰতীয়ে প্ৰতি বছৰেই অনুষ্ঠিত কৰা এই বিশেষ প্ৰতিযোগিতাত ২০২১-২২ বৰ্ষৰ বাবে নগাঁৱৰ বেবেজীয়াৰ মিণ্টু দাস আৰু মিঠু দাসৰ জ্যেষ্ঠা কন্যা নিৰ্মালীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
যোৱা ৪ ডিচেম্বৰত কলকতাৰ জ্ঞান মঞ্চত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত উদীয়মান চিত্ৰশিল্পী গৰাকীক সোণৰ পদক,প্ৰতীকপট আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । বুধবাৰে কলকতাৰ পৰা আহি ওপজা ভূমি নগাঁৱৰ বেবেজীয়াত উপস্থিত হোৱা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী গৰাকীক গায়ন-বায়নেৰে আদৰণি জনোৱা হয় ।
এই উপলক্ষ্যে বেবেজীয়া প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় এক অভিনন্দনৰ অনুষ্ঠান। সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই অনুষ্ঠানতেই স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে নিৰ্মালী দাসক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে ।
আৰু পঢ়ক: দিল্লী আপৰ! ১৫ বছৰ বিজেপিৰ দখলত থকা পৌৰ নিগম কেজৰিৱালৰ হাতত...