তামুলপুৰত বড়ো জনগোষ্ঠীৰ লোকনৃত্য কৰ্মশালাৰ সফল সামৰণি

তামুলপুৰত বড়ো জনগোষ্ঠীৰ লোকনৃত্য কৰ্মশালাৰ সফল সামৰণি

author-image
Asomiya Pratidin
New Update
তামুলপুৰত বড়ো জনগোষ্ঠীৰ লোকনৃত্য কৰ্মশালাৰ সফল সামৰণি

ডিজিটেল সংবাদ,তামুলপুৰ: গ্ৰীষ্ম বন্ধৰ বাবে ৰাজ্যৰ বহু স্থানত গীত-নৃত্যকে আদি কৰি বিভিন্ন কৰ্মশালা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে।তামুলপুৰ জিলা বড়ো হাৰিমু আফাদৰ উদ্যোগত যোৱা ৮ জুলাইৰ পৰা তামুলপুৰ জিলা সদৰৰ বাপেইগাঁৱত ২০ দিনীয়াকৈ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বড়ো লোক নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে ৷

Advertisment

দেওবাৰে আবেলি উক্ত কৰ্মশালাৰ সফল সামৰণি পৰে ৷ দুলাৰাই বড়ো হাৰিমু আফাদৰ নৃত্য প্ৰশিক্ষক ডা: শোভাৰাম ব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্টচ কলেজৰ প্ৰদৰ্শক বিশিষ্ট বড়ো লোকনৃত্যবিদ ধীৰেণ ৰামছিয়াৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰা কৰ্মাশালাত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা, বৈশাগু, খেৰাই,বাৰদৈ চিখলা, বৈৰাথি,মৌচাগ্লাংনাই, চিখ্ৰীচিখলা, বিৰগোশ্ৰীৰ আদি ১৫ টা লোক নৃত্যৰ প্ৰশিক্ষণ দিয়ে। লগতে খাম, চিফুং, চেৰজা বাদনৰ প্ৰশিক্ষনণ প্ৰদান কৰে ৷

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে প্ৰাণঢালি কেইবাটাও বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত লোক নৃত্য প্ৰদৰ্শন কৰে ৷

বড়ো জনগোষ্ঠীৰ নৱপ্ৰজন্মক পৰম্পৰাগত বড়ো লোকনৃত্যৰ লগতে বাদ্য যন্ত্ৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে তামুলপুৰ জিলা বড়ো হাৰিমু আফাদে অনুষ্ঠিত কৰা ২০ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰ প্ৰদান কৰা হয় ৷

সামৰণি অনুষ্ঠানত তামুলপুৰ জিলা হাৰিমু আফাদৰ সভাপতি নৰেন বড়ো, সাধাৰন সম্পাদক বিদ্যুৎ বড়ো, বড়ো,হাৰিমু আফাদৰ কেন্দ্ৰীয় নৃত্য সহকাৰী প্ৰশিক্ষক ফুলেন মোছাহাৰী, সাংস্কৃতিক কৰ্মী তথা বড়ো হাৰিমু আফাদৰ প্ৰাক্তন সদস্য ৰামেশ্বৰ ব্ৰহ্ম, তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি বিমল বড়ো, সাংস্কৃতিক কৰ্মী অৰ্গেশ্বৰ বসুমতাৰীৰ লগতে কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷

Also Read: চিচিবৰগাঁও মহাবিদ্যালয়ত নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ পৰ্যালোচনা সভা অনুষ্ঠিত

bodo dance workshop